ক’ভিড বিধি ভংগ কৰি জৰিমনা ভৰিলে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে

ক’ভিড বিধি অমান্য কৰি বিপদৰ সন্মুখীন হ’ল ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰে বলছ’নাৰাে। কৰ’না কালত বিধি উলংঘন কৰি ৰাষ্ট্রপতিজনে জনসমাবেশত অংশ লৈছিল।

ADVERTISEMENT

এই কাৰ্যৰ বাবে মাৰানহাও প্ৰদেশৰ প্রশাসনে বলছ’নাকে জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে কৰ’নাত মৃত্যুৰ ক্ষেত্ৰত ব্রাজিল বিশ্বৰ দ্বিতীয় স্থানত আছে। দেশখনত ক’ভিড বিধি কঠোৰভাৱে বলৱৎ কৰা হৈছে।

কিন্তু স্বয়ং ব্রাজিলৰ ৰাষ্ট্রপতিয়ে ক’ভিড নিয়ম উলংঘন কৰি কৰ’নাৰ কালত মাৰানহাে প্রদেশত এক জনসভাৰ আয়ােজন কৰিছিল। এই জনসভাত অংশ লােৱা লােকসকলে মাস্ক পৰিধান কৰা নাছিল আৰু দূৰত্ব বিধি পালন কৰা নাছিল।

ৰাষ্ট্রপতি বলছ’নাৰােৱে মাস্ক পৰিধান কৰা নাছিল আৰু দূৰত্ব বিধিও মনা নাছিল। মাৰানহাে প্রদেশৰ প্রশাসনে ৰাষ্ট্রপতিক জৰিমনা বিহাৰ সিদ্ধান্ত লৈ কয় যে আইনৰ দৃষ্টিত সকলাে সমান হােৱা হেতুকে নিয়ম ভংগ কৰা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধেও আইন অনুসৰি ব্যৱস্থা লােৱা হ’ব। ইতিমধ্যে এই সন্দৰ্ভত বলছ’নাৰােলৈ স্থানীয় প্রশাসনে এখন জাননী প্ৰেৰণ কৰিছে।

Exit mobile version