তলাবন্ধৰ ঋণাত্মক প্ৰভাৱ পৰিছে পাচলি খেতিয়কৰ ওপৰত

বজাৰৰ অভাৱত পথাৰতে গেলিছে বিঘাই বিঘাই তিতাকেৰেলা

WhatsApp Image 2021 05 24 at 6.46.40 PM

কলগাছিয়াৰ একাংশ খেতিয়কে এবুকু আশা লৈ কৰিছিল তিতা কেৰেলাৰ লগতে বিভিন্ন পাচলি খেতি । অধিকাংশ কৃষকেই টকা সুদত বা বন্ধন বেংকৰ পৰা ঋণ লৈ, কোনোবাই আকৌ বীজ ভাণ্ডাৰৰ দোকানত বাকী ৰাখি পাচলিৰ খেতি কৰিছে । আশা আছিল উৎপাদিত শাক-পাচলি বিক্ৰী কৰি ঋণ-ধাৰ মাৰিব আৰু নিজৰ পৰিয়ালটোক ভালকৈ পোহপাল দিব । কিন্তু সেই আশাত পৰিল চেচাপানী।

এনে এক মূহুৰ্তত বহুতো কৃষকৰ বিননি শুনা গ’ল বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰিত। বিঘাই প্ৰতি ৩৫-৪০ হেজাৰ টকা খৰচ কৰি তিতা কেৰেলা খেতি কৰিছিল খেতিয়কে। কিন্তু পৰিতাপৰ বিষয় উৎপাদন ভাল হোৱা স্বত্তেও মিনি তলাবন্ধ চলি থকাত বিক্ৰী কৰিব পৰা নাই তিতা কেৰেলাকে ধৰি বিভিন্ন পাচলি । ফলত খেতিতেই গেলিব ধৰিছে তিতা কেৰেলাবোৰ।

ইপিনে, ঋণৰ বোজা, আনফালে পৰিয়ালটো পোহপাল দিয়াৰ চিন্তাত মূৰে কপালে হাত দিছে হতাশাগ্ৰস্ত খেতিয়কে । তলাবন্ধৰ ফলত সাপ্তাহিক বজাৰ বন্ধ হৈ পৰাত বিক্ৰী কৰিব পৰা নাই পাঁচলি সমূহ। ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকলে । সেয়ে চৰকাৰে এইসকল ক্ষতিগ্ৰস্ত কৃষকক এক কালীন আৰ্থি কৃষকসকলক সাহাৰ্য প্ৰদানেৰে কৃষকৰ পৰিয়ালসমূহক সকাহ দিবলৈ বিভিন্ন মহলে নতুন চৰকাৰৰ কৃষি বিভাগলৈ দাবী জনাইছে ।

Exit mobile version