অভিনেতা ছনু ছুডৰ ফটোত গাখীৰ দিয়াৰ ঘটনাত বিৰক্ত টেলি-অভিনেত্ৰী

82820385

অভিনেতা ছনু ছুডক দেৱতাৰ স’তে তুলনা কৰি তেওঁৰ ফটোত গাখীৰ দিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে টেলি-অভিনেত্ৰী কবিতা কৌশিক । অৱশ্যে ছনু ছুডে ঘটনাটোত প্ৰভাৱিত হৈছে । কিন্তু অভিনেত্ৰীগৰাকীৰ মতে, এনেধৰণৰ খাদ্য সামগ্ৰী অপচয় কৰাৰ কোনো অৰ্থ নাই ।

অতিমাৰীৰ এই ভয়ংকৰ পৰিস্থিতিত আৰ্তজনৰ কাষত থিয় দি সকলোৰে বাবে ‘মাছিহা’ হৈ পৰিছে অভিনেতা ছনু । ইয়াৰ প্ৰমাণ হিচাপে সামাজিক মাধ্যমত বিয়পি পৰিছে ছনু ছুডেৰ এটা ভিডিঅ’ ।

ভিডিঅ’টোত ছনুৰ এখন ডাঙৰ ফটো ওলমি আছে আৰু তাত বহুলোকে গাখীৰ ঢালি আছে । ঠিক যেনেদৰে শিৱলিঙ্গত গাখীৰ ঢালি পূজা কৰা হয় । ঘটনাটো অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে ।

‘এফআইআৰ’ আৰু ‘বিগ বচ’ খ্যাত টেলি-অভিনেত্ৰী কবিতা কৌশিকে ভিডিঅ’টো টুইট কৰি কয় যে, সমগ্ৰ দেশৰ দৰে তেঁৱো ছনু ছুডক ভাল পায় আৰু সন্মান কৰে ।

কিন্তু তেওঁ কয় যে, দেশত এনে দুখৰ সময়ত, যেতিয়া মানুহে খাদ্য অবিহনে মৃত্যু মুখত পৰিছে, গাখীৰ অপচয় কৰাৰ কোনো অৰ্থ নাই । অভিনেত্ৰীগৰাকীয়ে কয়, ‘আমি সকলোবোৰ কিয় অত্যাধিক কৰো ?’ একে সময়তে, তেওঁৰ মতে,ছনুৱে এই ঘটনাটো দেখি সুখী হ’ব নালাগে ।

কিন্তু ছনু ছুডে পূৰ্বেই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কৈছিল যে, তেওঁ কৃতজ্ঞ ।

Exit mobile version