অসমৰ খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ দাবীত সংখ্যালঘু উন্নয়ন মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান জনগোষ্ঠীয় সমন্বয় পৰিষদৰ

WhatsApp Image 2021 05 25 at 6.51.41 PM

অসমত বসবাস কৰা ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখ সম্প্ৰদায়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ দাবীত আজি ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে। আজি ১৮ টা দাবী সম্বলিত স্মাৰকপত্ৰখন প্ৰদান কৰে ৩৩ টা খিলঞ্জীয়া সংখ্যালঘু সংগঠনৰ যৌথমঞ্চ জনগোষ্ঠীয় সমন্বয় পৰিষদৰ মুখ্য আহ্বায়ক চৈয়দ মুমিনুল আৱালে ।

স্মাৰকপত্ৰখনৰ জৰিয়তে স্থানীয় সংখ্যালঘু জনগোষ্ঠীসমূহৰ জৰীপ সম্পন্ন কৰা, ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰিবপৰাকৈ উচ্চ সদন গঠন, বিধানসভাৰ আসনসমূহ জনগোষ্ঠীয় লোকৰ বাবে সংৰক্ষণ কৰা, স্থানীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণত সহায়ক হোৱাকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা, সংখ্যালঘু জনগোষ্ঠীসমূহৰ বাবে গুৱাহাটীত সামূহিক কেন্দ্ৰ স্থাপন কৰা, উত্তৰ-পূবৰ হজযাত্ৰীৰ হজযাত্ৰাৰ ভাড়া হ্ৰাস কৰা, বৌদ্ধ আৰু জৈন তীৰ্থযাত্ৰীৰ বাবে ৰে’ল সেৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় ।

একেদৰে চৰকাৰে পূৰ্বে ঘোষণা কৰা সিদ্ধান্তসমূহো কাৰ্যকৰী কৰিবলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে পৰিষদে । সেইমৰ্মে গৰিয়া, মৰিয়া, দেশী আৰু চাহ জনগোষ্ঠী জলহাসকলৰ বাবে উন্নয়ন নিগম গঠন কৰা, জনগোষ্ঠী চাৰিটাৰ বাবে ঘোষণা কৰা এশ কোটি টকা মোকলাই দিয়া, ৱাকফ বোৰ্ডৰ সম্পত্তিৰ চৰকাৰী জৰীপ আৰু বেদখলমুক্ত কৰা, কেন্দ্ৰীয় ৱাকফ বোৰ্ডে ২০১৫ তে প্ৰদান কৰা এক কোটি টকা পুঁজিৰে ৱাকফ বোৰ্ডৰ কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা, জালুকবাৰীত নিৰ্মাণ কৰা হজ ভৱনটো শীঘ্ৰে মুকলিৰ ব্যৱস্থা কৰা, ২০১৬-১৭ বৰ্ষত ঘোষণা কৰা অনুসৰি আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰা আৰু ২০১৬ ৰ পৰা বন্ধ হৈ থকা আজান পীৰ বঁটা পুনৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় ।

তদুপৰি ৰাজ্যিক সংখ্যালঘু আয়োগ নতুনকৈ গঠন কৰা, উত্তৰ-পূৰ্বাঞ্চল হজ সমিতিখন পুনৰ গঠন কৰা, ৰাজ্যিক ৱাকফ বোৰ্ড পুনৰ গঠন কৰা আৰু অসম সংখ্যালঘু বিত্ত উন্নয়ন নিগম পুনৰ গঠন কৰিবলৈও স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে জনগোষ্ঠীয় সমন্বয় পৰিষদে ।

Exit mobile version