ওদালগুৰিত সাতজন এন‌এল‌এফবি কেডাৰ গ্ৰেপ্তাৰ

capture 20210525 140207

◆ওদালগুৰি আৰক্ষীয়ে যোৱা দুদিনত অভিযান চলাই সাতজন এন‌এল‌এফবি কেডাৰ গ্ৰেপ্তাৰ কৰে ।
◆সদস্য কেইজন ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০) ।
◆দেওবাৰৰ পৰা আৰক্ষীয়ে চলোৱা অভিযানত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয় ।
◆প্ৰথমে ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি আৰু ১ নম্বৰ গৰৈবাৰীত চলিচিল এই অভিযান ।
◆ইয়াৰ পাছত কালি ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই আন কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰে ।
◆গ্ৰেপ্তাৰ হোৱা লোককেইজন নতুনকৈ গঠন হোৱা এন‌এল‌এফবি সশস্ত্ৰ সংগঠনৰ কেডাৰ বুলি দাবী কৰিছে আৰক্ষীয়ে ।
◆লোককেইজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
◆আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছে কে’বাটাও মোবাইলসহ বহুকেইখন ছিমকাৰ্ড ।
◆লোককেইজনে বিভিন্ন স্থানত ধন দাবী কাৰ্যত জড়িত থকাৰ দাবী কৰে আৰক্ষীয়ে ।
◆আজি লোককেইজনক আদালতত হাজিৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা ।

Exit mobile version