মুকলিৰ পূর্বেই বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া ভাৰতত নিষিদ্ধ কৰাৰ দাবী বিধায়কৰ

unnamed 5 2

যােৱা বছৰৰ ছেপ্টেম্বৰত ভাৰতত চৰকাৰে পাবজি ম’বাইল নিষিদ্ধ কৰিছিল। শেহতীয়াভাৱে পাবজিৰ নতুন নামকৰণৰে বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ ৰূপত কোম্পানীটোৱে এই জনপ্রিয় অনলাইন গেম পুনৰ মুকলি কৰাৰ যাে-জা চলাইছে।

ADVERTISEMENT

চলিত মে’তে বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ বাবে গুগল প্লে ষ্ট’ৰত পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হৈছে । কিন্তু এনে সময়তে দেশত বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া নিষিদ্ধ কৰাৰ দাবী উত্থাপিত হ’ল ।

https://twitter.com/ninong_erring/status/1395994228363120640?s=20

অৰুণাচল প্রদেশত বিধায়ক নিনং ইৰিঙে প্রধানমন্ত্রী নৰেন্দ্র মােদীলৈ এখন পত্র লিখি বেটগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। ফলত বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া দেশত মুকলি কৰাৰ পূর্বেই প্রত্যাহ্বানৰ সন্মুখীন হ’ল ।

বিধায়কজনে অভিযােগ কৰা মতে, এই অনলাইন গেম প্রস্তুত কৰা প্রতিষ্ঠান ক্রাফটনে ভাৰতীয় আইনক অংগুষ্ঠ প্রদর্শন কৰি গেম মুকলি কৰাৰ প্রস্তুতি চলাইছে।বিধায়ক ইৰিঙে প্রধানমন্ত্রীলৈ লিখা পত্ৰত কয়, সামান্য সালসলনিৰে প্রতিষ্ঠানটোৱে পাবজিক পুনৰ ভাৰতত মুকলি কৰাৰ কৌশল অৱলম্বন কৰিছে।

ইয়াৰ ফলত দেশৰ লাখ লাখ নাগৰিকৰ ডেটা চুৰি হ’ব আৰু চীনা চৰকাৰৰ লগতে অন্য বিদেশী কোম্পানীকো ডেটা গােপনে বিক্রী কৰা হ’ব। সেয়েহে ভাৰতত বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া কোনােপধ্যে মুকলি কৰিবলৈ অনুমতি দিয়া উচিত নহ’ব।

Exit mobile version