ইটালীত মৌখিক, পাকিস্তানত লিখিত, আমেৰিকাত অনলাইন পৰীক্ষা

কৰ’না কালত বিশ্বজুৰি সলনি হ'ল পৰীক্ষা পদ্ধতি

students in exam hall 800x400 c default

কৰ’না কালত বিগত ডেৰ বছৰত বিশ্বজুৰি শিক্ষাজগতত ব্যাপক পৰিৱর্তনৰ আগমন ঘটিল। অধ্যয়নৰ লগতে পৰীক্ষা পদ্ধতিও এতিয়া সলনি হ’ল।

শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ ফলত বিশ্বৰ প্ৰায়বােৰ দেশতে এতিয়া অনলাইনত অধ্যয়ন অব্যাহত আছে । যােৱা বছৰত আমেৰিকা, ফ্রান্স ইটালী, আয়াৰলেণ্ড, নৰৱে, ছুইজাৰলেণ্ড ব্রিটেইনসহ প্ৰায়বােৰ দেশে পৰীক্ষা বাতিল কৰিছিল৷

এইবাৰৰ ক’ভিড পৰিস্থিতিৰ ফলত বিশ্বৰ বিভিন্ন দেশে শিক্ষার্থীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাত বাধাৰ সন্মুখীন হৈছে।

এইবাৰ আমেৰিকাত অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে শিক্ষানুষ্ঠানত পৰীক্ষা লােৱা হ’ব। ইটালী আৰু ফ্রান্স জুনত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

ইটালীত এইবাৰ কেৱল মৌখিক পৰীক্ষা লােৱা হ’ব। পাকিস্তানত ক’ভিড পৰিস্থিতিৰ মাজতাে অক্টোবৰ-নৱেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

ব্রিটেইনতাে যােৱাবাৰৰ দৰে বিভিন্ন বিষয়ত লাভ কৰা গ্রেডৰ আধাৰত চূড়ান্ত গ্রেড প্রদান কৰা হ’ব।

আমেৰিকাত সম্প্রতি ৮৮ শতাংশ ছাত্র-ছাত্রীয়ে অনলাইনত অধ্যয়ন কৰিছে আৰু দেশখনত অনলাইনতে চূড়ান্ত পৰীক্ষা সম্পন্ন হ’ব।

বিশ্বৰ প্ৰায়বােৰ ৰাষ্ট্ৰই এইবাৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনত বিভিন্ন শ্রেণীৰ পৰীক্ষা সম্পন্ন কৰিবলৈ যাে-জা চলাইছে।

Exit mobile version