ধূলিকণাৰ মাধ্যমেৰে সংক্ৰমিত হয় কৰ’না ভাইৰাছ, সংক্ৰমণ ৰোধ কৰিবলৈ নতুন নিৰ্দেশনা কেন্দ্ৰৰ

2021 04 06T123831Z 512303236 RC2CQM9QQ37G RTRMADP 3 HEALTH CORONAVIRUS INDIA 1617757223100 1617757248354

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে বুধবাৰে নতুন নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । নিৰ্দেশনাত কোৱা হৈছে, ক’ভিড আক্ৰান্ত ব্যক্তিৰ হাঁচি, কাঁহ বা কথা কোৱা সময়ত নাক আৰু মুখৰ পৰা নিঃসৃত ড্ৰপলেট আৰু ধূলিকণা বতাহত বিয়পি যায় । ইয়াৰ পাছত ই মাটি বা অন্য কোনো বস্তুত জমা হয় । সেই স্থানত দীৰ্ঘসময় সক্ৰিয় হৈ থাকে ভাইৰাছ । কোনো সুস্থ ব্যক্তিৰ হাতৰ মাধ্যমেৰে সেই ড্ৰপলেট বা ধূলিকণা চকু, নাক বা মুখৰ সংস্পৰ্শত আহিলে তেঁৱো আক্ৰান্ত হ’ব পাৰে ।

চিকিৎসা বিজ্ঞানৰ ভাষাত এই ধৰণৰ সংক্ৰমণক ‘ফোমাইট ট্ৰান্সমিছন’ বুলি কোৱা হয় । বিদ্যুতৰ ছুইচ, কম্পিউটাৰ কি-বোৰ্ড, দুৱাৰৰ হোক তদুপৰি কলমৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে কৰ’না ভাইৰাছ ।

বিগত সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা কে বিজয়ৰাঘবনৰ বিভাগেও ফোমাইট ট্ৰান্সমিছন সম্পৰ্কে সতৰ্কবাৰ্তা দিছিল । সতৰ্কবাৰ্তাত কোৱা হৈছিল যে, ড্ৰপলেট বতাহত দুই মিটাৰ আৰু ক্ষুদ্ৰ ধূলিকণাৰ মাধ্যমেৰে ১০ মিটাৰ পৰ্যন্ত বিয়পিব পাৰে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ পূৰ্বৰ নিৰ্দেশনাত অন্ততঃ ছয় ফুট সামাজিক দূৰত্ব মানি চলিবলৈ কোৱা হৈছিল । নতুন সতৰ্কবাৰ্তাত কঠোৰভাৱে দূৰত্ববিধি অটুট ৰাখিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য মন্ত্ৰণালয়ে । লগতে, ফোমাইট ট্ৰান্সমিছন হ’ব পৰা স্থানসমূহ সঘনাই পৰিষ্কাৰ কৰিবলৈ কোৱা হৈছে ।

Exit mobile version