বন্ধ অনুশীলন, তিৰ-ধনু-তৰোৱাল এৰি প্ৰশিক্ষকসকলে আৰম্ভ কৰিছে চাহৰ দোকান

বিগত বৰ্ষত তলাবন্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বন্ধ হৈ পৰে অনুশীলন । খেলুৱৈসকলৰ জীৱন অনিশ্চিত হৈ পৰাৰ দৰে প্ৰশিক্ষকসকলৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰে । বহু প্ৰশিক্ষকে জীৱন যাপনৰ অন্য পথো বাছি লৈছে ।

লক্ষ্ণৌৰ সঞ্জীৱ কুমাৰ এজন অভিজ্ঞ ফেন্সাৰ । সম্প্ৰতি তেওঁ এজন কাঠমিস্ত্ৰী । দৈনিক তিনিশ টকা উপাৰ্জন কৰে সঞ্জীৱে । একাধিক পদক জয় কৰা এই ফেন্সাৰজনে দীৰ্ঘদিন ধৰি ভাৰতীয় সামৰিক একাডেমীত প্ৰশিক্ষক হিচাপে কাম কৰি আহিছিল । সঞ্জীৱৰ ১২ বছৰীয়া পুত্ৰী খ্যাতি গুপ্ত ৰাষ্ট্ৰীয় স্তৰৰ সোণৰ পদক জয়ী । কিন্তু তেওঁক পোলেণ্ডলৈ পথাব নোৱাৰে সঞ্জীৱে । সাহায্য বিচাৰিছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়কৰ পৰা ।

মুখ্যমন্ত্ৰীৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি জনায় সঞ্জীৱে । বিদ্যালয়তো যাব পৰা নাই খ্যাতিয়ে । বিদ্যালয়ৰ মাচুল দিব নোৱাৰাৰ বাবে পঞ্চম শ্ৰেণীৰ ফলাফল লাভ কৰা নাই । সঞ্জীৱৰ এটি ১৪ বছৰীয়া পুত্ৰও আছে । তেঁৱো ফেন্সিঙত পাৰদৰ্শী । কিন্তু পিতৃৰ অৱস্থা দেখি সেই পথত আৰু আগবাঢ়িব নিবিচাৰে দিব্যাংশুৱে ।

তিৰ খেলুৱৈ মহেন্দ্ৰ প্ৰতাপ সিঙে সম্প্ৰতি চিংৰা বিক্ৰী কৰে । প্ৰশিক্ষক হিচাপে ১৮ বছৰৰ অভিজ্ঞতা আছে মহেন্দ্ৰৰ । তেওঁ আঠ বছৰ উত্তৰ প্ৰদেশৰ হৈ খেলিছে । উপাৰ্জনৰ পথ বিচাৰি সম্প্ৰতি চিংৰা বিক্ৰী কৰে ৪৪ বছৰীয়া প্ৰশিক্ষকজনে । মহেন্দ্ৰ‌ই কয়, ‘মাজে মাজে ভাবো খেলক জীৱিকা বনোৱাটো জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল ।’ তেওঁৰ দুজন পুত্ৰৰ বিদ্যালয় বন্ধ । তেওঁলোকে পিতৃক চিংৰা বনোৱাত সহায় কৰে ।

একেই গতি মুষ্টিযুদ্ধা প্ৰশিক্ষক নাছিম কুৰেশ্বিৰো । ৫৬ বছৰীয়া নাছিমে সম্প্ৰতি চাহ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিবলগীয়া হৈছে । তেওঁ ৩২ বছৰ ধৰি সৰু ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দি আহিছে । তলাবন্ধৰ ফলত কাম বন্ধ হৈ পৰে ।

অৱশ্যে, নাছিমে চাহ বিক্ৰী কৰা দেখি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁক সাহায্যৰ প্ৰস্তাৱ দিয়ে । নাছিমে চৰকাৰৰ পৰা সাহায্য বিচাৰে । সকলোকে চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰাৰ আশ্বাস দিছে উত্তৰ প্ৰদেশৰ ক্ৰীড়া পৰিচালক আৰপিসিঙে ।

Exit mobile version