বিমান ‘হাইজেক’ কাণ্ডত বিপাকত বেলাৰুছ, অর্থনৈতিক নিষেধাজ্ঞা আৰােপৰ পােষকতা বাইডেনৰ

3000

মাজ আকাশৰ পৰা যাত্রীবাহী বিমান হাইজেক (অপহৰণ) কৰাৰ ঘটনা আন্তর্জাতিক মহলৰ ৰােষত পৰিল বেলাৰুছ। পূর্ব ইউৰােপৰ এইখন দেশৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা আৰােপৰ সপক্ষে মত ব্যক্ত কৰিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে।

উল্লেখ্য যে যোৱা দেওবাৰে সমাজকর্মী তথা চৰকাৰ বিৰােধী এজন সাংবাদিক গ্রেপ্তাৰ কৰিবলৈ লিথুয়ানিয়া অভিমুখে যাত্রা কৰা ‘ৰায়ানএয়াৰ’ৰ এখন বিমানৰ গতিপথ ওভতাই ৰাজধানী মিনস্কত অৱতৰণ কৰাবলৈ বাধ্য কৰাইহিল বেলাৰুছে ।

এই ঘটনাৰ পাছৰে পৰা ইউৰােপ আৰু আমেৰিকাসহ আন্তর্জাতিক মহত্ৰ তীব্র নিন্দাৰ সন্মুখীন হৈছে বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাছেংক। অৱশ্যে এই ঘটনাত বেলাৰুছৰ কাষত থিয় দিলে ৰাছিয়াই ।

ইফালে, পূর্ব ইউৰােপৰ দেশখনৰ বিৰুদ্ধে আর্থিক নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত ল’লে ইউৰােপীয় সংঘই । ইউৰােপীয় সংঘৰ সিদ্ধান্ত প্রতি সমর্থন আগবঢ়াই মঙলবাৰে বাইডেনে কয়, ‘বেলাৰুছৰ বিৰুদ্ধে আর্থিক নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত ল’লে ইউৰােপীয় ইউনিয়নে । আমি এই পদক্ষেপক স্বাগতম জনাইছাে । আমি ভাবাে যে সাংবাদিক ৰমান প্র’টেছেভিচৰ গ্ৰেপ্তাৰ কাৰ্য আন্তর্জাতিক আইনৰ পৰিপন্থী।’

Exit mobile version