মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বিজেপি অসম প্ৰদেশৰ ১১ লাখৰ সাহায্য প্ৰদান

WhatsApp Image 2021 05 26 at 4.36.18 PM

বিজেপি, অসম প্ৰদেশে ক’ভিড মহামাৰীৰ সময়ত ৰাজ্য চৰকাৰৰ সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১১ লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়ায় ।

আজি দিছপুৰত অনুষ্ঠিত বিজেপি, অসম প্ৰদেশৰ বিষয়ববীয়া সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদদ্বয় তপন গগৈ আৰু পল্লৱ লোচন দাস, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিতিত উক্ত ধনৰাশি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে।

এই মহামাৰীৰ সন্ত্ৰাসৰ সময়ত জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক উক্ত ধনৰাশি প্ৰদান কৰি সভাপতি দাসে অত্যন্ত গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰেছ বিবৃতিৰ যোগে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰজনে ।

Exit mobile version