তেওঁৰ পিতৃয়েও গ্ৰেপ্তাৰ কৰিব নোৱাৰিবঃ এল’পেথি বিতৰ্কত গ্ৰেপ্তাৰক লৈ প্ৰশাসনক প্ৰত্যাহ্বান ৰামদেৱৰ

9n2b4ps4 ramdev

এল’পেথি চিকিৎসা আৰু এল’পেথি চিকিৎসকসকলক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰশাসনক প্ৰত্যাহ্বান জনালে বাবা ৰামদেৱে ।

বৃহস্পতিবাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ এই বিষয়ে কয় । ভিডিঅ’টোত তেওঁক অত্যন্ত আত্মবিশ্বাসী দেখা যায় । তেওঁ হাঁহি হাঁহি এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনায় ।

পোনপটীয়াকৈ নক’লেও তেওঁ ভিডিঅ’টোত কেন্দ্ৰকে উদ্দেশ্যি কয়, ‘স্বামী ৰাম দেৱক তেওঁৰ পিতৃয়েও গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । তেওঁলোকে সামাজিক মাধ্যমত ‘ঠগ ৰামদেৱ’ ‘মহাঠগ ৰামদেৱ’ ‘গ্ৰেপ্তাৰ ৰামদেৱ’ ট্ৰেণ্ড আৰম্ভ কৰিছে । তেওঁলোকে কৰি থাকক । আমাৰ মানুহে এই সকলোবোৰ দেখি অভ্যস্ত ।’

এল’পেথি চিকিৎসা আৰু এল’পেথি চিকিৎসকসকলক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছতে সামাজিক মাধ্যমত ‘#এৰেষ্টৰামদেৱ’ ট্ৰেণ্ড আৰম্ভ হৈ পৰে । এই ট্ৰেণ্ডৰ পৰিপ্ৰেক্ষিততে এই মন্তব্য কৰে ৰামদেৱে ।

সদ্যহতে ভাইৰেল হোৱা এটা ভিডিঅ’ত তেওঁক কৈছিল, ‘চিকিৎসা বা অক্সিজেনৰ অভাৱত যিমান মানুহ মৰিছে, তাতোকৈ বেছি মানুহ এল’পেথি ঔষধ‌‌‌ খাই মৰিছে । এল’পেথি এটা দেউলীয়া হোৱা বিজ্ঞান ।’

কৰ’না পৰিস্থিতিত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত প্ৰবল সমালোচনা আৰম্ভ হয় । ইণ্ডিয়ান মেডিকেল এছোছিয়েছনে ৰামদেৱক আইনী জাননী প্ৰেৰণ কৰে । পাছত ৰামদেৱৰ পতঞ্জলি সংস্থাৰ এক বিবৃতিত কোৱা হয়, ৰামদেৱে সেই অনুষ্ঠানত হোৱাটছ‌এপৰ এটা মেচেজ পঢ়িছিল । ভিডিঅ’টো ইডিত কৰি তাৰ প্ৰসংগ বাদ দি ভাইৰেল কৰা হৈছে ।

এল’পেথি ঔষধ‌‌ধক লৈ কৰা মন্তব্যৰ বাবে ৰামদেৱক পূৰ্বেই এহেজাৰ কোটি টকাৰ মানহানিৰ গোচৰৰ জাননী পঠাইছে আইএম‌এ । যোগগুৰুৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ‌ও প্ৰেৰণ কৰে আইএম‌এ ।

Exit mobile version