দৰিদ্ৰ দেশক ১০ কোটি পালি প্রতিষেধক দিব ইউৰােপীয় দেশে

81985553

বিশ্বত ক’ভিডৰ প্রতিষেধক বিতৰণৰ ক্ষেত্ৰত অসমানতাই দেখা দিছে । ধনী দেশসমূহে ক’ভিড প্রতিষেধক মজুত কৰি ৰখাৰ বিপৰীতে দৰিদ্ৰ দেশসমূহে এই প্রতিষেধক বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।

ADVERTISEMENT

এনে পৰিস্থিতিত দৰিদ্ৰ দেশক সহায় কৰিবলৈ আগবাঢ়ি আহিল ইউৰােপীয় সংঘ। ইউৰােপৰ দেশসমূহে দৰিদ্ৰ দেশক প্রতিষেধক দান কৰাৰ সিদ্ধান্ত ল’লে।

এই সিদ্ধান্ত অনুসৰি ইউৰােপৰ দেশসমূহে চলিত বৰ্ষৰ অন্তিমভাগৰ ভিতৰত প্ৰতিষেধক ক্রয়কৰিবলৈ সামর্থ নথকা দৰিদ্ৰ দেশক ১০ কোটি পালি টিকা দান কৰিব।

Exit mobile version