বাৰম্বাৰ ছুটীৰ আবেদন জনােৱা সত্ত্বেও ৰাজি নহ’ল কর্তৃপক্ষ

মুখত অক্সিজেন মাস্ক লৈ কর্মস্থলীত বেংককর্মী

Screenshot 2021 05 27 at 9.36.33 AM

ক’ভিড পৰিস্থিতিত এতিয়া কর্মস্থলীত মুখত মাস্ক থকাটো বাধ্যতামূলক। যদিও অক্সিজেন মাস্ক মুখত লৈ কোনেও কর্মস্থলীত উপস্থিত নহয়।

কিয়নাে সেই অৱস্থাত কোনেও কাম কৰিব নােৱাৰে। অথচ অক্সিজেন ছাপ’ৰ্ট লৈয়ে কর্মস্থলীত উপস্থিত হ’বলগীয়া হ’ল ঝাৰখণ্ডৰ এজন বেংককর্মী।

ছুটীৰ আবেদন কর্তৃপক্ষই সঁহাৰি দিয়াৰ পৰিৱর্তে ভাবুকি দিয়াৰ বাবেই বেংককর্মীজনে মুখত অক্সিজেন মাস্ক পিন্ধি কার্যালয়ত উপস্থিত হ’বলৈ বাধ্য হােৱাৰ অভিযােগ উঠিছে।

ঝাৰখণ্ডৰ বাকোৰা চহৰৰ অৰবিন্দ কুমাৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ কৰ্মচাৰী। পৰিয়ালৰ লােকে জনােৱা মতে, সম্প্রতি কুমাৰ ক’ভিডত আক্ৰান্ত হৈছিল।

ক’ভিডৰ পৰা ৰেহাই পালেও তেওঁ শাৰীৰিকভাৱে সম্পূর্ণ সুস্থ হােৱা নাছিল। হাওঁফাওঁত সামান্য সংক্রমণ থকাৰ বাবে অৰবিন্দই অক্সিজেন ছাপ’ৰ্টত থাকিবলগীয়া হৈছে।

অথচ সেই অৱস্থাতে বেংক কর্তৃপক্ষই কামত যােগ দিবলৈ কুমাৰক প্ৰৱল চাপ দিছিল বুলি পৰিয়ালে অভিযােগ কৰিছে।

কুমাৰৰ পৰিয়ালৰ এজন সদস্যই অভিযােগ কৰে যে কামত অনতিপলমে যােগ দিয়াৰ বাবে বাৰে বাৰে কুমাৰৰ ওপৰত চাপ সৃষ্টি কৰা হৈছিল।

নিজৰ শাৰীৰিক অৱস্থাৰ কথা ভাবি কুমাৰে একাধিকবাৰে ছুটীৰ আবেদন জনাইছিল। যদিও বেংক কর্তৃপক্ষই সেয়া মঞ্জুৰ নকৰিলে।

বাধ্য হৈ কুমাৰে ইস্তফাপত্রও প্ৰেৰণ কৰিছিল। অথচ সেয়াও নাকচ কৰাৰ হয় বুলি পৰিয়ালৰ সদস্যজনে অভিযােগ কৰে।

তেওঁ লগতে কয় যে ইয়াৰ পাছতে শীঘ্ৰে কামত যােগ নিদিলে বেতন কৰ্তন কৰা হ’ব বুলি বেংকৰ তৰফৰ পৰা ভাবুকি দিয়া হয়। কোনাে উপায় নােপােৱাত অৱশেষত অক্সিজেন ছাপ’র্ট লৈয়েই পৰিয়ালৰ সদস্যৰ স’তে কুমাৰে বেংকত উপস্থিত হয়।

অৱশ্যে বেংক কর্তৃপক্ষই দাবী কৰিছে যে কুমাৰক তেনে অৱস্থাত প্রত্যক্ষ কৰি ততালিকে ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল।

Exit mobile version