মেহুল চোক্সিক ভাৰতলৈ আনিবলৈ তৎপৰ মোদী চৰকাৰ, ইণ্টাৰপোলৰ দ্বাৰস্থ কেন্দ্ৰ

d19b3a82 bd71 11eb b216 e6a0e76379df 1621959670398

পঞ্জাৱ নেছনেল বেংক প্ৰতাৰণা কাণ্ডত অভিযুক্ত মেহুল চোক্সিক ভাৰতত আনিবলৈ তৎপৰ মোদী চৰকাৰ । চৰকাৰী সূত্ৰ অনুসৰি, ইতিমধ্যে নতুন দিল্লীয়ে এই বিষয়ত আন্তৰ্জাতিক আৰক্ষী সংস্থা ইণ্টাৰপোলৰ স’তে যোগাযোগ কৰিছে । মংগলবাৰে কেৰিবীয় দ্বিপপুঞ্জৰ ডমনিকাত ধৃত মেহুলৰ ওপৰত এণ্টিগেৰী জাৰি কৰা য়েল্ল’ কৰ্ণাৰ জাননীৰ বিষয়েও জনোৱা হৈছে ইণ্টাৰপোলক ।

ভাৰতৰ আবেদনৰ পৰিপ্ৰেক্ষিতত মেহুলৰ ওপৰত ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছিল ইণ্টাৰপোলে । কিন্তু যোৱা দেওবাৰে এণ্টিগাৰ পৰা নিখোঁজ হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে এণ্টিগা য়েল্ল’ কৰ্ণাৰ জাননী জাৰি কৰা হয় ।

গ্ৰেপ্তাৰ হোৱাৰ পাছত সম্প্ৰতি ডমনিকা আৰক্ষীৰ জিম্মাতে আছে মেহুল । বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, যিহেতু মেহুল ভাৰতীয় ডমনিকাৰ নাগৰিক নহয়, সেয়ে ইণ্টাৰপোলত আবেদনৰ ভিত্তিত তেওঁক ভাৰতত প্ৰত্যাৰ্পন কৰাৰ সম্ভাৱনা আছে ।

পিএনবি প্ৰতাৰণা কাণ্ডত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুলে ২০১৮ত ভাৰতৰ পৰা পলায়ন কৰি কেৰিবীয় দ্বিপপুঞ্জৰ এণ্টিগাত আশ্ৰয় লৈ আছিল । সেই দেশৰ ‌নাগৰিকত্ব‌ও লাভ কৰিছিল । যোৱা ২৩ মে’ত তেওঁ সন্ধানহীন হৈছিল । এণ্টিগাৰ সংবাদ মাধ্যমে জনায় যে, ২৩ মে’ দিনাখন তেওঁক শেষবাৰৰ বাবে সন্ধিয়া জলী হাৰ্বাৰ বন্দৰত দেখা গৈছিল । মেহুলৰ গাড়ী পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় ।

ইয়াৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰিবৰ বাবে অন্য কেৰিবীয় দেশসমূহৰ সাহায্য বিচাৰে এণ্টিগাই । ইণ্টাৰপোলৰ পৰাও সাহায্য বিচৰা হয় । অৱশেষত মংগলবাৰে ডমনিকা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । মেহুলৰ ভাগিন নীৰৱ মোদীও পিএনবি প্ৰতাৰণা কাণ্ডৰ অন্যতম অভিযুক্ত ।

Exit mobile version