হাউলীত হস্ত নিৰ্মিত পিষ্টল জব্দ, দুজনক আটক

WhatsApp Image 2021 05 27 at 6.12.47 PM

হাউলী আৰক্ষী আৰু হাউলীস্থিত দশম বেটেলিয়ন চিআৰপিএফে যৌথ অভিযান চলাই এটা হস্ত নিৰ্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় । হাউলীৰ বৰবালা গাঁৱৰ আব্বাছ আলী নামৰ এগৰাকী বাইক চোৰৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছে পিষ্টলটো ।

প্ৰথম অৱস্থাত হাউলী আৰক্ষীয়ে কলগাছিয়াৰ মিজানুৰ ৰহমান নামৰ এজন বাইক চোৰক হাউলীৰ পৰা আটক কৰাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । মিজানুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত হাউলী আৰক্ষীয়ে আব্বাছ আলীক আটক কৰে ।

আজি পুৱতি নিশা আব্বাছ আলীৰ বৰবালাৰ নিজ বাসভৱনৰ পৰা পিষ্টলটো উদ্ধাৰ কৰে । আব্বাচৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰা হস্ত নিৰ্মিত পিষ্টলটো বাইক চুৰি কাৰ্যত ব্যৱহাৰ কৰি আহিছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

ইতিমধ্যে হাউলী আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে । হস্ত নিৰ্মিত স্পিষ্টলটোৰ উপৰিও এখন চুৰী, ৱেৰ কাটাৰ, স্ক্ৰু’ ড্ৰাইভাৰসহ আন কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷

Exit mobile version