২০ জনক দুবাৰ দিলে দুই ধৰণৰ প্রতিষেধক

চকুৰ আঁৰতে ডাঙৰ ভুল উত্তৰপ্ৰদেশৰ স্বাস্থ্য বিভাগৰ

vvmlosf8 up villagers administered covaxin and covishiled

টিকাকৰণৰ তালিকাত একেবাৰে তলত স্থান উত্তৰপ্ৰদেশৰ। তাৰ পাছতাে কৰ’নাৰ প্রতিষেধকক কেন্দ্ৰ কৰি চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে যােগী আদিত্যনাথৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে।

ৰাজ্যখনৰ এখন গাঁৱৰ কমেও ২০জন লােকক দুবাৰ প্ৰদান কৰাৰ হ’ল দুটা ভিন্ন কোম্পানীৰ প্রতিষেধক। এই অভিযােগ তদন্তৰ আশ্বাস প্রশাসনে দিছে। তৎসত্ত্বেও ‘দৃষ্টি এৰাই যােৱা বুলি আত্মপক্ষ সমর্থন কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁলােকে সমগ্র বিষয়টোক লঘু কৰাৰ অভিযােগাে উত্থাপন হৈছে।

এই ঘটনা সংঘটিত হৈছে লক্ষৌৰ পৰা ২৭০ কিলােমিটাৰ নিলগৰ নেপাল সীমান্তৰ সিদ্ধার্থনগৰ জিলাৰ এখন প্রাথমিক স্বাস্থ্য কেন্দ্রত। এপ্রিলৰ আৰম্ভণিতে গাঁওবাসীক ক’ভিড প্রতিষেধকৰ প্ৰথমটো পালি প্রদান কৰা হৈছিল।

এমাহৰ পাছত যােৱা ১৪ মে’ত গাঁওবাসীয়ে প্রতিষেধক দ্বিতীয়টো পালি লােৱাৰ বাবে উক্ত স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। উল্লেখ্য যে প্রথমবাৰ ক’ভিশ্বিল্ডৰ প্রতিষেধক তেওঁলােকক প্রদান কৰা হৈছিল।

অথচ দ্বিতীয়বাৰ স্বাস্থ্যকর্মীয়ে ক’ভেক্সিনৰ পালি দিয়ে বুলি গাঁওখনৰ কমেও ২০জন লােকে অভিযােগ কৰিছে। তেওঁলােকে ক্ষোভেৰে কয় যে ঘটনাটোক লৈ জিলা উপায়ুক্তক অভিযােগ কৰিছিল যদিও বিশেষ লাভ নহ’ল।

এই সন্দৰ্ভত সিদ্ধার্থনগৰৰ মুখ্য স্বাস্থ্য বিষয়া (চিএমঅ’) সন্দীপ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘মই নিশ্চিত, বিষয়টো দৃষ্টিৰ আঁৰ হ’ল। দুটা প্রতিষেধক ককটেল দিয়াক লৈ চৰকাৰৰ তৰফৰ পৰা কোনাে নির্দেশনা নাই।

গতিকে চকুৰ আঁতৰ হােৱাতে এই ধৰণৰ ঘটনা সংঘটিত হ’ল। বিষয়টোক লৈ তদন্তৰ নির্দেশ দিছাে। ইয়াৰ প্রতিবেদনাে হাতত পাইছাে। কাৰ গাফিলতিত এনে ঘটনা ঘটিল, সেয়া জনাৰ চেষ্টা চলিছে।

সেইদৰে পদক্ষেপ গ্রহণ কৰা হ’ব। অৱশ্যে দুটা পৃথক প্রতিষেধকৰ পালি ল’লেও প্রতিষেধকপ্রাপকসকলৰ কাৰাে শৰীৰত কোনাে সমস্যাই দেখা দিয়া নাই বুলিয়ে তেওঁ দাবী কৰে। চৌধুৰীয়ে কয়, ‘ভুলবশতঃ যিসকলক দুই ধৰণৰ প্রতিষেধক দিয়া হৈছে, আমাৰ এটা দলে তেওঁলােকৰ প্রত্যেকৰে সাক্ষাৎ কৰিছে।

সকলােৱেই সুস্থ হৈ আছে। কাৰাে শৰীৰত কোনাে সমস্যা নাই। অৱশ্যে স্বাস্থ্য বিষয়াসকলৰ এই দাবীক গাঁওবাসীয়ে অগ্রাহ্য কৰিছে। ৰাম সুৰপত নামৰ এজন প্রবীণ গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত কয়, স্বাস্থ্য দপ্তৰৰ পৰা কোনেও আমাৰ খবৰ ল’বলৈ অহা নাই।

মইতাে প্রথমে বুজিবই পৰা নাছিলাে। অসুস্থতা অনুভৱ কৰাত চিকিৎসকৰ ওচৰলৈ যাওঁ। তেওঁহে কলে, প্রতিষেধক ল’বলৈ যাওঁতেই গণ্ডগােল হৈছে। তাৰ পাছত ৰছিদ মিলাওতে দেখিলাে যে মােক দুবাৰ দুই ধৰণৰ প্রতিষেধক দিয়া হ’ল। টিকাপ্রদান কেন্দ্ৰত চৰম বিশৃংখলাৰাে অভিযােগ কৰে তেওঁ।

Exit mobile version