তলাবন্ধত নিয়ম উলংঘনৰে বিবাহ, শতাধিক বিবাহ অবৈধ ঘােষণা মধ্য প্রদেশত

78871723

‘শুভ পৰিণয়’ৰ পৰিণতি শুভ নহ’ল মধ্য প্রদেশত। তলাবন্ধ উলংঘন কৰি বিবাহ সম্পন্ন কৰােৱা শতাধিক বিবাহক অবৈধ ঘােষণা কৰিলে মধ্য প্রদেশ চৰকাৰে।

উল্লেখ্য যে অতিমাৰীৰ পৰিস্থিতিত তলাবন্ধ ঘােষণা কৰাৰ পাছত মধ্য প্রদেশ চৰকাৰে ৰাজ্যখনত সকলাে ধর্মীয় আৰু সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা আৰােপ কৰিছিল।

কিন্তু এই নিষেধাজ্ঞা অমান্য কৰি গােপনে কমেও ৰাজ্যজুৰি ১৩০ খন বিবাহ সম্পন্ন হৈছিল। এই তথ্য লাভৰ পাছত ৰাজ্য প্রশাসনে উক্ত ১৩০ বিবাহক আইনগতভাৱে ‘অবৈধ’ ঘােষণাৰ সিদ্ধান্ত ললে।

স্থানীয় প্রশাসনৰ বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘তলাবন্ধৰ সময়ত স্পষ্টভাৱে জনােৱা হৈছিল যে চলিত মে’ত ৰাজ্যত কোনাে বিবাহ সম্পন্ন নহ’ব। কিন্তু আমি লাভ কৰা অভিযােগ অনুসৰি এই নির্দেশনা উলংঘন কৰি ৰাজ্যত ১৩০ খনৰাে অধিক বিবাহ সম্পন্ন হ’ল। চৰকাৰে সিদ্ধান্ত লৈছে যে আইনগতভাৱে এইসমূহ বিবাহক ‘অবৈধ’ ঘােষণা কৰা হ’ব।’

ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰাৰ অধীনত এই সিদ্ধান্ত লৈছে ।

Exit mobile version