নামনি অসমৰ ধুবুৰী জিলাত পুনৰ সক্ৰিয় হৈ উঠিছে শিল, বালিৰ ছিণ্ডিকেট । দীৰ্ঘদিনৰ পৰা অসম বংগ সীমান্ত ছাগলীয়া হৈ শ শ ট্ৰাক সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হৈ বাংলাদেশত প্ৰৱেশ কৰে।
বাংলাদেশলৈ শিল প্ৰেৰণ কৰা ছিণ্ডিকেট চক্ৰই বিভিন্ন জালিয়াতিৰে কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। দীৰ্ঘদিনৰ পৰা ছিণ্ডিকেট চক্ৰই কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি বাংলাদেশলৈ শিল প্ৰেৰণ কৰি আহিছিল যদিও আৰক্ষী, বন বিভাগ আৰু ধুবুৰী পৰিবহণ বিভাগৰ ভূমিকা আছিল ৰহস্যজনক।
প্ৰতিদিনে ছাগলীয়া আৰক্ষী চকী, হালাকুৰা আৰক্ষী চকী , আগমণি আৰু গোলোকগঞ্জ থানাৰ সন্মুখেদি প্ৰতিদিনে শ শ অতিৰিক্ত শিল কঢ়িয়াই বাংলাদেশলৈ প্ৰৱেশ কৰি আহিছিল।
অভিযোগ অনুসৰি আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়াই প্ৰতিখন শিল ভৰ্তি ট্ৰাকৰ পৰা অবৈধ ভাৱে আঠ হেজাৰ টকাকৈ সংগ্ৰহ কৰি ছিণ্ডিকেট চক্ৰক সহায় কৰি আহিছিল।
কিন্তু ধুবুৰী জিলাৰ নতুন আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে দায়িত্ব লৈয়ে ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈ বৃহস্পতিবাৰে ছাগলীয়াত অভিযান চলাই ১২২ খনকৈ অতিৰিক্ত সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক জব্দ কৰে।
আৰক্ষীয়ে জব্দ কৰি প্ৰাথমিক তদন্ত কৰি পৰৱৰ্ত্তী সময়ত ট্ৰাকসমূহ ধুবুৰী পৰিবহণ বিভাগক গতাই দিয়ে।ইয়াৰ পাছত পৰিবহণ বিভাগে প্ৰতিখন ট্ৰাক ওজন কৰি জৰিমনা বিহী ট্ৰাক সমূহ যাবলৈ দিয়ে।
কিন্তু দীৰ্ঘদিনৰ পৰা শ শ অতিৰিক্ত শিল কঢ়িয়াই অনা ট্ৰাক সমূহ পৰিবহণ বিভাগে কিয় জব্দ কৰিব পৰা নাছিল বুলি প্ৰশ্ন কৰাত এনফৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামৰ দায়সৰা মন্তব্য কৰে যে নিশাৰ ভাগত এনফৰ্চমেণ্টৰ দায়িত্ব নাথাকে ।
অতি কম সংখ্যক বিষয়া কৰ্মীৰে চলি আছে ধুবুৰী পৰিবহণ বিভাগ।যাৰ ফলত পৰিবহণ বিভাগে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে। নতুনকৈ ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লৈ অভিজিৎ গৌৰৱ দিলিপে ১২২ খনকৈ ট্ৰাক জব্দ কৰি চমক দিয়াৰ চেষ্টা নে এই অভিযান পৰৱৰ্তী সময়ত অব্যাহত থাকিব সেই লৈ জিলাখনৰ সচেতন মহলৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে।