ন হেজাৰ কোটি বিনিয়োগ কৰি বিগবাস্কেটৰ অংশীদাৰীত্ব ক্ৰয় কৰিলে টাটাই

tata

ক’ভিডত গৃহবন্দী সকলো । বিশ্বাস অনলাইন পণ্য‌ই । এনে পৰিস্থিতিত এইবাৰ ডিজিটেল পণ্য সেৱাৰ বজাৰ দখল কৰিবলৈ নামিল ঔদ্যোগিক সংস্থা টাটা । অনলাইন ফাষ্টফুড, কেঁচা শাক-পাচলি, ফল-মূল আৰু নিত্য প্ৰয়োজনীয় পণ্য সৰবৰাহকাৰী সংস্থা বিগবাস্কেটৰ বিপুল অংকৰ অংশীদাৰীত্ব ক্ৰয় কৰিলে টাটা‌ই ।

চীনৰ সংস্থা আলিবাবাৰো মোটা অংকৰ বিনিয়োগ আছে বিগবাস্কেটত । বহুদিন ধৰি বিগবাস্কেটত বিনিয়োগ কৰাৰ চেষ্টা কৰি আছিল টাটাই । চলিত বৰ্ষৰ এপ্ৰিলত বিনিয়োগ কৰিবৰ বাবে অনুমতি দিয়ে ভাৰতীয় নিয়ন্ত্ৰক সংস্থাই । প্ৰায় ৯,৫০০ হেজাৰ কোটি টকাৰে বিগবাস্কেটৰ ৬৪.৩ শতাংশ অংশীদাৰীত্ব ক্ৰয় কৰিছে টাটাই ।

শুকুৰবাৰে এই চুক্তি চূড়ান্ত হোৱাৰ কথা ঘোষণা কৰিলে টাটাই । তেওঁলোকৰ পূৰ্ণ ৰাজসাহায্যপ্ৰাপ্ত সংস্থা টাটা ডিজিটেল ছুপাৰ মাৰ্কেটে গ্ৰোছেৰী চাপ্লাইজ প্ৰাইভেট লিমিটেড (এছজিএছ)ৰ অধীনস্থ বিগবাস্কেটৰ ৬৪.৩ শতাংশ অংশীদাৰীত্ব ক্ৰয় কৰিছে ।

২০১১ত বাংগালোৰুত যাত্ৰা আৰম্ভ হয় বিগবাস্কেটৰ । সম্প্ৰতি তেওঁলোকে দেশৰ ২৫ খন চহৰত সেৱা আগবঢ়ায় । এই সংস্থাত বিনিয়োগ কৰি এমেজন, ফ্লিপকাৰ্ট, জিঅ’মাৰ্ট আৰু ছফ্টবেংকে বিনিয়োগ কৰা গ্ৰোফাৰ্ছৰ স’তে প্ৰতিযোগিতাত নামিল টাটা ।

অনাগত দিনত, খাদ্য, বস্ত্ৰ, বৈদ্যুতিক সৰঞ্জামৰ লগতে পণ্য শীঘ্ৰে গ্ৰাহকক দিবলৈ বিশেষ ‘ছুপাৰ এপ্’ তৈয়াৰ কৰাৰো পৰিকল্পনা আছে তেওঁলোকৰ । ২০২২ অৰ্থবৰ্ষত এই পৰিকল্পনা বাস্তবায়িত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে তেওঁলোকে ।

Exit mobile version