বাগ্‌সাৰ ছলিকান্দাত আমছুৰ ৪১ তম ছহীদ দিৱস পালন

সংবিধান প্ৰদত্ত অধিকাৰ নাপালে আন্দোলনৰ হুংকাৰ আমছুৰ

WhatsApp Image 2021 05 28 at 6.05.49 PM

বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ ছলিকান্দাত আজি বাগ্‌সা জিলা আমছুৰ উদ্যোগত অনুষ্টুপীয়াকৈ ৪১ সংখ্যক ছহীদ দিৱস পালন কৰা হয় ৷ ক’ভিডৰ নীতি-নিৰ্দেশনা মানি সীমিত সংখ্যক আমছু কৰ্মীৰে ছলিকান্দা বজাৰত পুৱা ন বজাত পতাকা উত্তোলনেৰে ছহীদ দিৱস পালন কৰে ৷

ছহীদ দিৱসত উপস্থিত থাকি আমছুৰ বাগ্‌সা জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খানে কয় যে, সংখ্যালঘুসকলক সংবিধান প্ৰদত্ত অধিকাৰ নিদিলে পুনৰ বাঘৰ দৰে ৰাজপথত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আমছুৱে ৷ তেওঁ কয় যে, ১৯৮০ৰ ২৬ মে’ৰ দিনটোত সংখ্যালঘুসকলৰ বিভিন্ন দাবীলৈ গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল হেজাৰ হেজাৰ সংখ্যালঘু জনতা । সেই আন্দোলনৰ অংশ হিচাপে অসমৰ বিভিন্ন প্ৰান্তত বহুতো সংখ্যালঘু মানুহে পুলিচৰ গুলীত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল । সেই ছহীদসকলৰ স্মৃতিত আমছুৱে প্ৰতি বছৰে ২৬ মে’ৰ দিনটো ছহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷

আজিৰ কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শাকিল আহমেদ, বাগ্‌সা জিলা সম্পাদক ছাহাদত হুছেইন তালুকদাৰ, আব্দুল ৰহিমকে ধৰি কে’বাজনো আমছুৰ নেতাকৰ্মী উপস্থিত থাকে ৷

Exit mobile version