মজুত থকা সামগ্ৰীৰ পৰিমাণ, মূল্য দোকানৰ বাহিৰত লিখি ৰখাতো বাধ্যতামূলক

ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ তৎপৰতা জিলা উপায়ুক্তৰ

E1hUDB8UYAMzEQC

ধুবুৰী জিলাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কে’বাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ কোনো অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি যাতে মূল্যবৃদ্ধি ঘটাব নোৱাৰে তাৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনে ৷

ADVERTISEMENT

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত কালি জিলাখনৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ প্ৰতিনিধিৰ স’তে জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰামৰ্শমৰ্মে অনুষ্ঠিত বৈঠকখনত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে সকলো পাইকাৰী আৰু খুচুৰা সামগ্ৰীৰ দোকানত মজুত ৰখা অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিমাণ আৰু মূল্য দোকানৰ সন্মুখত গ্ৰাহকে দেখাকৈ লিখি ৰাখিবলৈ নিৰ্দেশ দিয়ে । লগতে নিৰ্দেশ অমান্য কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলি স্পষ্ট কৰি দিয়ে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা বা অবৈধভাৱে সামগ্ৰী মজুত কৰা বা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক’লা বেপাৰ চলোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলিও কয় জিলা উপায়ুক্তগৰাকীয়ে ৷ ক’ভিড সংকটৰ অন্ত নপৰা পৰ্যন্ত কোনো কাৰণতে ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যাতে পুনৰ বৃদ্ধি নহয় সেই সন্দৰ্ভত বৈঠকত সিদ্ধান্ত লোৱা হয় ৷

পাইকাৰী ব্যৱসায়ীয়ে দুই শতাংশৰ পৰা ২.৫ শতাংশ লাভ্যাংশত খুচুৰা ব্যৱসায়ীক সামগ্ৰী বিক্ৰী কৰিবলৈ আৰু খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা ছয় শতাংশৰ অধিক লাভ নল’বলৈ চেম্বাৰ্ছ অৱ কমাৰ্চৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সিদ্ধান্ত লোৱা হয় ৷

আনহাতে, খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰা সামগ্ৰীৰ বাবদ পাইকাৰী ব্যৱসায়ীয়ে কেচ মেমো বা ক্ৰেডিট মেমো বা কেচ ভাউছাৰ দিয়াটো বাধ্যতামূলক কৰা হয় ৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তবোৰ বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হৈছেনে নাই তাক অহৰহ নিৰীক্ষণ কৰিবলৈ আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল’বলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে জিলা উপায়ুক্তই ৷

Exit mobile version