শ্বাহৰুখৰ প্ৰয়োজনাৰ পৰা বাদ পৰিল কাৰ্তিক ?

thequint 2021 05 169601e6 7c0a 4e6b 88e9 4144697577d0 191200064 2387986924667905 3290726704032208026 n

কাৰ্তিক আৰিয়নৰ জীৱিকাত বৃহৎ আঘাত । ইণ্ডাষ্ট্ৰীৰ সূত্ৰ অনুসৰি, কৰণ জোহৰৰ পাছত শ্বাহৰুখ খানৰ প্ৰযোজনা সংস্থাৰ ছবি ‘ফ্ৰেড’ৰ পৰাও বহিষ্কাৰ কৰা হ’ল আৰিয়নক । অৱশ্যে এই পৰ্যন্ত শ্বাহৰুখ খানৰ প্ৰযোজনা সংস্থা বা কাৰ্তিকৰ তৰফৰ পৰা কোনো বিবৃতি প্ৰকাশ কৰা নাই ।

তথ্য অনুসৰি, অজয় বহেলৰ পৰিচালিত ছবিখনৰ চিত্ৰনাট্য পৰিৱৰ্তন কৰাৰ দাবী কৰিছিল কাৰ্তিকে । পৰিচালক সলনি কৰিবলৈ তেওঁ প্ৰস্তাৱ দিছিল । ছবিখনৰ তাৰিখৰ বাবে সমস্যা হৈছিল অভিনেতাজনৰ । ছবিখনত তেওঁৰ বিপৰীতে কেটৰিনা কেইফে অভিনয় কৰাৰ কথা আছিল । কাৰ্তিকে ছাইনিং এমাউণ্ট উভতাই দিলে প্ৰযোজনা সংস্থাক ।

বিগত এপ্ৰিলত কৰণ জোহৰৰ প্ৰযোজিত ‘দোস্তানা ২’ৰ পৰা বাদ দিয়া হৈছিল কাৰ্তিকক । ছবিখনত তেওঁৰ স’তে জাহ্নৱী কাপুৰ আৰু নৱাগত শিল্পী লক্ষ্য আছিল । ধৰ্মা প্ৰডাকছনে এক বিবৃতিযোগে জনায়, ‘জীৱিকাৰ স’তে জড়িত জটিলতাৰ বাবে এই বিষয়টোত সন্মানজনক নিৰৱতা অৱলম্বন কৰা হৈছে । ছবিৰ কাষ্ট পৰিৱৰ্তন কৰা হ’ব ।’ উক্ত ঘটনাৰ কিছুদিনৰ পাছত কাৰ্তিকক সামাজিক মাধ্যমত দেখা যায় যদিও, তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য নকৰে ।

একেলেথাৰি বলীউডৰ দুটা প্ৰভাৱশালী প্ৰযোজনা সংস্থাৰ পৰা বাদ পৰাৰ পাছত সম্প্ৰতি অভিনেতাজনৰ জীৱিকা সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন হৈছে । কৰণৰ স’তে শ্বাহৰুখৰ ঘনিষ্ঠতাৰ বিষয়ে সকলো অৱগত । সাম্প্ৰতিক দুই ঘটনাই বলীউডৰ ‘লবিবাজি’ আৰু ‘স্বজনপোষণ’ক দৰ্শাইছে । কৰণৰ ছবিৰ পৰা বাদ পৰাৰ পাছত এই অভিযোগ উত্থাপন কৰে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ।

ইণ্ডাষ্ট্ৰীৰ বাহিৰৰ পৰা অহা কাৰ্তিকে বিগত কিছু বছৰত বৃহৎ পৰিচালকৰ ছবিত কাম কৰি আহিছিল । অভিনেতাৰ সফলতাই বিৰম্বনাৰ কাৰণ হৈ পৰিছে নেকি ? সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগে বলীউডক দুটা ভাগত বিভক্ত কৰি দিয়ে, কাৰ্তিকৰ ঘটনাইয়ো একেই ঘটনাৰ বাবে উচতনি দিয়ে । সূত্ৰ অনুসৰি, মতবিৰোধৰ বাবে কাৰ্তিকে স্ব‌ইচ্ছাই শ্বাহৰুখৰ ছবি ত্যাগ কৰিছে ।

ছবিত কাষ্টৰ পৰিৱৰ্তন চলি থাকে । কিন্তু ছবি স্বাক্ষৰ কৰাৰ পাছত আৰু কিছুদিন শ্বুটিং কৰাৰ পাছত পৰিৱৰ্তন কৰাই ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ সমীকৰণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

Exit mobile version