এমাহ পিছুৱালে অস্কাৰ বঁটা অনুষ্ঠান

অস্কাৰ বঁটা প্রদান অনুষ্ঠানৰ আয়ােজক একাডেমী অৱ ম’চন পিকছাৰ আৰ্টছ এণ্ড ছায়েন্সেছ-এ ২০২২ত অনুষ্ঠিত হ’ব লগা অস্কাৰ বঁটা অনুষ্ঠান এমাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত ল’লে।

পূর্ব নির্ধাৰিত অনুসৰি অস্কাৰ বঁটা প্রদান অনুষ্ঠান অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লাগে। কিন্তু কৰ’নাৰ ব্যাপক সংক্রমণ প্রতি লক্ষ্য ৰাখি এইবাৰৰ এই বঁটা অনুষ্ঠান অহা ২৭ মার্চলৈ পিছুৱাই দিয়া হ’ল।

যােৱাবাৰাে অস্কাৰ বঁটা প্রদান অনুষ্ঠান পিছুৱাই দিবলৈ একাডেমী বাধ্য হৈছিল। যােৱা ২৫ এপ্রিলত ৯৩ সংখ্যক অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল।

Exit mobile version