চাহিদা পূৰণ কৰিবৰ বাবে বৈদেশিক সংস্থাৰ পৰা প্ৰতিষেধক ক্ৰয় কৰিবলৈ তৎপৰ কেজৰিৱাল চৰকাৰ

covid 19 vaccine 1

চাহিদা পূৰণ কৰিবৰ বাবে এইবাৰ বিদেশৰ পৰা প্ৰতিষেধক ক্ৰয় কৰিবলৈ তৎপৰ দিল্লী চৰকাৰ । আন্তৰ্জাতিক প্ৰতিষেধক উৎপাদনকাৰী সংস্থাসমূহৰ পৰা মূল্যৰ ৰছিদ বিচাৰিলে চৰকাৰে । দিল্লী চৰকাৰে জনায় যে, ইতিমধ্যে তেওঁলোকে এক কোটি প্ৰতিষেধক ক্ৰয় কৰিব বিচাৰিছে । সকলো প্ৰক্ৰিয়া অনুসৰণ কৰি যি সংস্থাই প্ৰতিষেধক প্ৰদান কৰিব পাৰিব তেওঁলোকৰ পৰাই ক্ৰয় কৰা হ’ব ।

ইমান দিনে প্ৰতিষেধকৰ নাটনিক লৈ কেন্দ্ৰৰ স’তে বাক বিতৰ্কতা চলি আছিল দিল্লীৰ । আনহাতে, ভাৰত বায়’টেকৰ পৰা স্বতন্ত্ৰভাৱে প্ৰতিষেধক ক্ৰয় কৰিব বিচাৰিছিল যদিও, তেওঁলোকে চৰকাৰী নিষেধাজ্ঞা আছে বুলি দিব বিচাৰা নাছিল, এই মৰ্মে অভিযোগ কৰিছে দিল্লী চৰকাৰে । সেয়ে প্ৰতিষেধকৰ চাহিদা পূৰণ কৰিবৰ বাবে বৈদেশিক সংস্থাসমূহৰ দ্বাৰস্থ হৈছে দিল্লী চৰকাৰ ।

কিন্তু বিদেশৰ পৰা প্ৰতিষেধক ক্ৰয় কৰিবলৈকো কঠোৰ নিয়ম অনুসৰণ কৰিবলগীয়া হৈছে চৰকাৰে । ভাৰত চৰকাৰৰ অনুমতিপ্ৰাপ্ত সংস্থাই প্ৰতিষেধক সৰবৰাহ কৰিব পাৰিব বুলি জনোৱা হৈছে । এই পৰ্যন্ত ভাৰত চৰকাৰৰ অনুমতি লাভ নকৰা সৰবৰাহকাৰী সংস্থাবোৰে নিয়ন্ত্ৰক সংস্থা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা অনুমতি পত্ৰ আদায় কৰিব লাগিব ।

আগন্তুক সাত জুন সন্ধিয়া পাঁচ বজাৰ ভিতৰত বৈদেশিক  প্ৰতিষেধক উৎপাদনকাৰী সংস্থাবোৰে মূ্ল্যৰ ৰছিদ ‌জমা দিব লাগিব বুলি জনায় দিল্লী চৰকাৰে । অতি শীঘ্ৰে তেওঁলোকে কিমান প্ৰতিষেধক সৰবৰাহ কৰিব পাৰিব সেই বিষয়েও সঠিকভাৱে জনাব লাগিব ।

Exit mobile version