গোপন বিবাহ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছৰ, পাত্ৰী বান্ধবী কেৰি

details of exactly where the couple will say i do remain a closely guarded secret

গোপনে বিয়া কৰালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে । দেওবাৰে ব্ৰিটেইনৰ দুই সংবাদপত্ৰ‌ই জনায়, ইংলেণ্ডত চলিত তলাবন্ধৰ মাজতে কেইজনমান অতিথিৰে বিগত দুই বছৰৰ সংগী কেৰি ছাইমণ্ডক বিয়া কৰালে প্ৰধানমন্ত্ৰীগৰাকীয়ে । একেবাৰে শেষ মুহূৰ্তত অতিথিসকলে বিয়াৰ খবৰ পায় । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পদস্থ কৰ্মচাৰীসকলেও বিয়াৰ পাছলৈকে একো গ’ম পোৱা নাছিল ।

ব্ৰিটেইনৰ দুই সংবাদপত্ৰ ‘দ্য ছান’ আৰু ‘মেল আন ছনদ’এ জনায়, বৰিছ আৰু কেৰিয়ে মধ্য লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কেথিড্ৰলত বিবাহপাশত আৱদ্ধ হয় । লণ্ডনৰ সময় শনিবাৰে বিয়লি ১:৩০ বজাত কেথিড্ৰলৰ দুৱাৰ বন্ধ কৰা দিয়া হয় ।

সম্প্ৰতি ইংলেণ্ডত ক’ভিড পৰিস্থিতিৰ বাবে ৩০ জনতকৈ অধিক লোক গোট খোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কিন্তু বিবাহ অনুষ্ঠানত কোনো কোনো উপস্থিত আছিল, ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ কোনো লোক আছিল নে নাই, সেই বিষয়ে জনোৱা নাই সংবাদপত্ৰ দুখনে ।

অৱশ্যে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বৰিছৰ বিবাহ স্বীকাৰ কৰা নাই । বৰঞ্চ প্ৰশ্ন কৰিলে বিষয়টোক লৈ মন্তব্য কৰিব নিবিচাৰে ঘনিষ্ঠসকলে ।

Exit mobile version