দক্ষিণ শালমাৰাত পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰী শনিবাৰে সমষ্টিৰ ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হয় । প্ৰায় সহস্ৰাধিক পুৰুষ মহিলাই ঘেৰাও কৰে বিধায়কগৰাকীক ।
কিমান ভুৱা প্ৰতিশ্ৰুতি দি ভোট ল’ব, প্ৰতিশ্ৰুতি পালন কৰি দেখুৱাওক, ৰাইজৰ এনে বাক্যবাণৰ সম্মুখীন হয় বিধায়ক ৱাজেদ ।
প্ৰায় চাৰিটা দশক ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত দক্ষিণ শালমাৰাৰ বহু গাঁও আৰু শ শ হেক্ট্ৰৰ কৃষি ভূমি লুইতৰ বুকুত জাহ গৈছে । প্ৰতি বছৰেই গৃহহাৰা হৈছে হেজাৰ হেজাৰ পৰিয়াল । ৱাজেদৰ কাৰ্যকালত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী আঁচনিৰ কোটি কোটি খৰচ কৰা হৈছে যদিও দৰাচলতে লুষ্ঠৰাজ চলি আহিছে । ফলত কোনো এটা অঞ্চল লুইতৰ খহনীয়াৰ পৰা ৰক্ষা পৰা নাই ।
আনহাতে প্ৰতিটো নিৰ্বাচনৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে বিধায়ক ৱাজেদে । যদিও তেওঁৰ সেই প্ৰতিশ্ৰুতি আজিও বাস্তৱ ৰূপ দিবলৈ সক্ষম হোৱা নাই ।
উল্লেখনীয় যে, যোৱা এটা পষেকৰ খহনীয়াত ফকিৰগঞ্জৰ চতলাৰ পাৰ গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে ।সামাজিক মাধ্যমত খহনীয়াৰ বাতৰি ভাইৰাল হোৱাৰ পাছত আজি অঞ্চলটো পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কজনে ।