‘দিবাস্বপ্ন’ চাবৰ বাবে ৩১ হেজাৰ কোটি টকাৰ চাকৰীৰ পৰা অৱসৰ ল’লে ঝাং ইমিঙে

https cdn.cnn .com cnnnext dam assets 210520022439 zhang yiming file

২০০৬ৰ পৰা ২০২১ – মাত্ৰ ১৫ বছৰৰ কৰ্মজীৱনতে ইতি তানি অন্য পথত আগবাঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে টিকটকৰ স্বত্বাধিকাৰীয়ে ।

কিতাপ পঢ়িবলৈ আৰু দিবাস্বপ্ন চাবৰ বাবেই অৱসৰ গ্ৰহণ কৰিছিল বিলিয়নাৰ ঝাং ইমিঙে ।

১৯৮৩ৰ ১০ এপ্ৰিলত ঝাঙে জন্মগ্ৰহণ কৰিছিল । তেওঁ ২০০৫ ত তিয়ানজিঙৰ নানকাই বিশ্ববিদ্যালয়ৰ পৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং সম্পন্ন কৰে ।

ইয়াৰ পাছৰ বছৰতেই তেওঁ এটা পৰ্যতন বিভাগৰ ৱেবছাইটত নিৰ্মাণ কাৰ্যত নিযুক্ত হয় । এবছৰৰ ভিতৰতে তেওঁৰ পদোন্নতিও হয় ।

২০০৮ ত তেওঁ মাইক্ৰ’চফ্টত যোগ দিয়ে । দীৰ্ঘদিনৰ বাবে তেওঁৰ কামটো ভাল নালাগে । ২০০৯ত মাইক্ৰ’চফ্ট ত্যাগ কৰি নিজৰে এটা সংস্থা নিৰ্মাণ কৰে ।

২০১২ ত গঢ়ি তোলে বাইটডান্স । ২০১৫ত বাইটডান্সে তেওঁলোকৰ প্ৰথম ভিডিঅ’ শ্বেয়াৰিং এপ্ টিকটক তৈয়াৰ কৰে ।

বিশ্বজুৰি বিপুল সাফল্যতা লাভ কৰে টিকটকে । ২০১৯ত প্ৰথম এশজন প্ৰভাৱশালীৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় ঝাং । তেওঁ চীনৰ নৱম আঢ্যবন্ত ব্যক্তি ।

সমগ্ৰ বিশ্বকে অবাক কৰি পুনৰবাৰ শিৰোনাম নিজৰ কৰিবলৈ সক্ষম হয় তেওঁ । সম্প্ৰতি টিকটক ত্যাগ কৰিলে ৩৮ বছৰীয়া ঝাঙে । প্ৰধান সংস্থা বাইটডান্সৰ চিইঅ’ পদৰ পৰাও পদত্যাগ কৰিলে ।

তেওঁৰ পৰিৱৰ্তে বাইটডান্স চিইঅ’ হ’ব ৰুডো লিয়াং । কৰ্মচাৰীসকলক এখন পত্ৰ প্ৰেৰণ কৰি তেওঁ এই বিষয়ে জনায় ।

ঝাঙে জনায়, তেওঁ এই কামৰ প্ৰতি আগ্ৰহী নহয় । তেওঁৰ আদৰ্শ মেনেজাৰ হোৱাৰ গুণো নাই । এতিয়া তেওঁ কিতাপ পঢ়ি আৰু দিবাস্বপ্ন চাই পৰৱৰ্তী জীৱন যাপন কৰিব বিচাৰে ।

মাত্ৰ ৩৮ বছৰ বয়সতে অৱসৰ গ্ৰহণ কৰে ঝাঙে । তেওঁৰ সম্পত্তিৰ পৰিমাণ চাৰি হেজাৰ চাৰিশ কোটি ডলাৰ, যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১ হেজাৰ কোটি টকা । এই পৰিমাণ সঞ্চয়ৰ বিনিময়ত তেওঁ ৰুডোক নিজৰ বেতন দিয়ে ।

Exit mobile version