মেহুলক ভাৰতত উভতাই আনিবলৈ বিশেষ বিমানত নথি-পত্ৰ প্ৰেৰণ কৰিছে দিল্লীয়ে, জনালে এণ্টিগাৰ প্ৰধানমন্ত্ৰীয়ে

9214525 mehul

ডমিনিকাত বন্দী মেহুল চোক্সিক দেশত উভতাই আনিবৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে ভাৰতে । এখন বেচৰকাৰী বিমানত শুকুৰবাৰেই এই নথি-পত্ৰ প্ৰেৰণ কৰা হৈছে কেৰিবিয়ানৰ দ্বিপ ৰাষ্ট্ৰ ডমিনিকাত । এই কথা আজি জনায়, এণ্টিগা আৰু বাৰবুডাৰ প্ৰধানমন্ত্ৰী গেটছ ব্ৰাউনে ।

পঞ্জাৱ নেছনেল বেংকৰ ১৩ হেজাৰ পাঁচশ কোটি টকা প্ৰতাৰণা কাণ্ডৰ মূল অভিযুক্ত মেহুল এণ্টিগাৰ পৰা পলায় যোৱা ২৬ মে’ত ডমিনিকাত ধৰা পৰে । ইয়াৰ পাছতেই দেশত উভতাই আনিবৰ বাবে তৎপৰ হয় ভাৰতৰ একাধিক তদন্তকাৰী সংস্থা । ইয়াৰ মাজতেই ডমিনিকাত অপেক্ষাৰত দিল্লীৰ এখন বিমানক লৈ সমালোচনা আৰম্ভ হৈছিল । দেওবাৰে গেটছে জনায়, এই এগজিকিউটিভ জেট বিমানখনত মেহুলক দেশত উভতাই আনিবলৈ প্ৰয়োজনীয় নথি প্ৰেৰণ কৰা হৈছে ।

কাটাৰ এয়াৰৱেজৰ এই বিমানখন শুকুৰবাৰে বিয়লি ৩:১২ বজাত দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হয় । স্থানীয় সময় বিয়লি ১:১৬ বজাত ডমিনিকাৰ ডগলাছ চাৰ্লছ বিমানবন্দৰত উপস্থিত হয় ।

গেটছে জনায়, এই বিমানখনত ভাৰত চৰকাৰে মেহুলক ভাৰতলৈ উভতোৱাৰ নথি-পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু এই পৰ্যন্ত কেন্দ্ৰ‌ই এই বিষয়ে কোনো মত প্ৰকাশ কৰা নাই । এই বিমানতে মেহুলক ডমিনিকাৰ পৰা ভাৰতলৈ উভতাই অনা হ’ব নেকি, সেই বিষয়েও ক’ব নোৱাৰে গেটছে ।

Exit mobile version