মোডী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্ণতা উপলক্ষে বিজেপিৰ জনসেৱামূলক কাৰ্যসূচী

বজালীৰ পাঠশালাৰ তপোবনত ৰাজ্যিক বিজেপিৰ সভাপতি, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

WhatsApp Image 2021 05 30 at 6.50.23 PM

ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ সাতোটা বৰ্ষ পূৰ্ণতা উপলক্ষে এক বিশেষ জনসেৱামূলক কাৰ্যসূচী ৰূপায়নৰ উদ্দেশ্যে আজি দিনৰ ভাগত বজালী জিলাৰ পাঠশালাস্থিত তপোবনত উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ।

অনাথ দিবাংগ শিশুৰ ৰক্ষণাবেক্ষণস্থলীৰূপে প্ৰতিষ্ঠিত তপোবনত উপস্থিত হৈ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে শিশু সকলৰ লগতে তপোবনৰ অধ্যক্ষ কুমুদ কলিতাসহ কৰ্তৃপক্ষৰ স’তে দীৰ্ঘ সময়় মত বিনিময় কৰে ।

লগতে অনাথ দিবাংগ শিশুসকলৰ মাজত জলপানৰ যোগানো ধৰে । তদুপৰি মন্ত্ৰী দাসে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি তপোবনত শিশুসকলৰ পৰিচৰ্যাৰ বাবে মাহিলী ২৫ হেজাৰ টকাকৈ অনুদান দিয়াৰ কিস্তিও প্ৰদান কৰে তপোবন কৰ্তৃপক্ষক ।

মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ক’ভিড সমস্যা তথা ক’ভিড প্ৰট’কলৰ প্ৰতি লক্ষ্য ৰাখি মোডী চৰকাৰৰ সপ্তম বৰ্ষৰ পূৰ্ণতাৰ অনুষ্ঠান জাকজমকতা তথা আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বিজেপিৰ তৰফৰ পৰা বিভিন্ন স্থানলৈ গৈ জনগনৰ মাজত সেৱাৰ কাৰ্যসূচীহে ৰূপায়ণ কৰা হৈছে । সমগ্ৰ অসমতে বিজেপিৰ এনেধৰণৰ কাৰ্যসূচী ৰূপায়িত হৈছে ।

তপোবনত ৰূপায়িত আজিৰ বিজেপিৰ কাৰ্যসূচীত মন্ত্ৰী দাসৰ লগতে বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰা‌য়ণ বৰুৱা, জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীৰ লগতে বহুকেইগৰাকী বিজেপিৰ নেতা – কৰ্মী উপস্থিত থাকে।

Exit mobile version