স্বাস্থ্যকৰ্মীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে পিপিই কিট পৰিধান কৰি হাস্পতালত মুখ্যমন্ত্ৰী ষ্টেলিন

stalin PPE kit

চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ক’ভিড ৰোগীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে ৰাজ্যৰ হাস্পতাল পৰিদৰ্শন কৰিলে তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী এম কে ষ্টেলিন । তেওঁ টুইটাৰত পোষ্ট কৰা ফটোখনত দেখা গৈছে, তেওঁ পিপিই কিট পৰিধান কৰি কোয়মবত্তোৰৰ গভাৰ্ণমেণ্ট মেডিকেল হাস্পতাল পৰিদৰ্শন কৰিছে । চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ স’তে কথা পাতিছে । কৰ’না ৰোগীসকলৰ শাৰীৰিক অৱস্থাৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

টুইটাৰত মুখ্যমন্ত্ৰী ষ্টেলিনে লিখে, ‘মোক হাস্পতাল পৰিদৰ্শন কৰিবলৈ নিষিদ্ধ কৰা হৈছিল । ইয়াৰ স্বত্বেও ক’ভিড ৱাৰ্ড ঘূৰি ঘূৰি চালো । নিজৰ জীৱনৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি যুদ্ধত নামি পৰা সকলৰ মনোবল বৃদ্ধি কৰিবলৈয়ে তাত গৈছিলো । সকলো সময়তে কেৱল ঔষধে কাম নকৰে, মনোবল বৃদ্ধি কৰাটোও প্ৰয়োজনীয় । ৰাজ্য তেওঁলোকৰ লগত আছে, তাকে জনাবলৈ গৈছিলো ।’

তামিলনাডুৰ ক’ভিড-১৯ত আটাইতকৈ ক্ষতিগ্ৰস্ত জিলা কোয়মবত্তোৰ । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ তিনি হেজাৰ ছশজন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

Exit mobile version