আনন্দ ৰায়ৰ ছবিৰ পৰা বাদ পৰিল কাৰ্তিক আৰিয়ন

79839182

‘দোস্তানা’, ‘ফ্ৰেডি’ – ইখনৰ পাছত সিখন ছবিৰ পৰা বাদ দিয়া হৈছে জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নক । এইবাৰ পৰিচালক আনন্দ এল ৰায়ৰ প্ৰযোজনাৰ পৰাও বাদ পৰিল নেকি কাৰ্তিক ?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চিত্ৰনাট্য‌ও শুনিছিল অভিনেতাজনে । যোৱা ফেব্ৰুৱাৰীত কাৰ্তিক আনন্দৰ কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল । ইয়াৰ পৰাই বুজা যায় যে, কোনো ছবিৰ সন্দৰ্ভত আলোচনা হৈছে পৰিচালক আৰু অভিনেতাজনৰ মাজত । কিন্তু হঠাৎ কাৰ্তিকৰ পৰিৱৰ্তে আয়ুস্মান খুৰানাৰ নাম শুনা গৈছে ।

এজন গেংষ্টাৰৰ গল্পত আধাৰিত হ’ব আনন্দৰ পৰৱৰ্তী ছবি । ছবিৰ পৰিচালনা কৰিছে আনন্দৰ সহ-পৰিচালকে । কাৰ্তিকৰ স’তে নিৰ্মাতাসকলৰ চূড়ান্ত পৰ্যায়ৰ আলোচনা সম্পন্ন হৈছিল । কেৱল চুক্তিৰ অপেক্ষা কৰিছিল অভিনেতাজনে । ইয়াৰ পূৰ্বেই ছবিৰ পৰা নাম বাদ দিয়া হয় কাৰ্তিকৰ । সিদ্ধান্ত পৰিৱৰ্তন কৰাৰ কাৰণ জানিব পৰা নাই ।

সূত্ৰ অনুসৰি, ‘যি কাৰণত কৰণ জোহৰে কাৰ্তিকক ছবিৰ পৰা বাদ দিছিল, সম্ভৱতঃ সেই কাৰণৰ দ্বাৰাই প্ৰভাৱিত হৈছে বাকীসকল । প্ৰথমে শ্বাহৰুখ খান পাছত আনন্দ ।’

কাৰ্তিকক ছবিৰ পৰা বাদ দিয়াৰ প্ৰসংগত এল ৰায়ে কয়, ‘এখন ছবি নিৰ্মাণ কৰাৰ পূৰ্বে বহু শিল্পীৰ স’তে কথা পতা হয় । এইটোৱে নিয়ম । সকলোকে জনোৱা হয় যে, তেওঁলোকেই কৰিব । অভিনেতা-অভিনেত্ৰীসকলেও জনায় তেওঁলোক উৎসাহী ।’ আনন্দৰ মতে চুক্তি নোহোৱা পৰ্যন্ত বহু পৰিৱৰ্তন আহিব পাৰে ।

Exit mobile version