ক’ভিড-১৯ৰ উৎসৰ সন্ধান নাপালে ক’ভিড-২৬, ক’ভিড-৩২ৰ শংকা, সতৰ্ক কৰিলে আমেৰিকাৰ বিশেষজ্ঞসকলে

1211693320.jpg.0

ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰথম আৰম্ভ হৈছিল উহান চহৰৰ পৰা । কিন্তু এই ভাইৰাছৰ উৎস ক’ত সেই বিষয়ে এতিয়াও কোনো তথ্য জনোৱা নাই চীনে । চীনে দাবী কৰে যে, তেওঁলোকৰ দেশত কৰ’না ভাইৰাছৰ উৎপত্তি হোৱা নাই । শীঘ্ৰে ক’ভিড-১৯ৰ উৎসৰ সন্ধান নাপালে ভৱিষ্যতে ক’ভিড-২৬ আৰু ক’ভিড-৩২ হোৱাৰো শংকা প্ৰকাশ কৰিছে আমেৰিকাৰ দুই বিশেষজ্ঞই ।

ট্ৰাম্প চৰকাৰৰ সময়ৰ আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন’ৰ কমিছনাৰ তথা বৰ্তমানৰ ফাইজাৰ বোৰ্ডৰ মুৰব্বী স্কট গটলিয়েবে কয়, উহানৰ পৰীক্ষাগাৰৰ পৰাই সংক্ৰমণ হ’ব পাৰে ভাইৰাছৰ । এই দাবী নাকচ কৰিব পৰাকৈ কোনো তথ্য জনোৱা নাই চীনে । বিষয়টো অতি চিন্তনীয় ।

ইপিনে, টেক্সেছ চিলড্ৰেনছ হাস্পতাল ফৰ ভেকচিন ডেভলপমেণ্টৰ সহ অধিকৰ্তা পিটাৰ হটেজে শংকা প্ৰকাশ কৰে যে, কৰ’নাৰ উৎসৰ সন্ধান নাপালে ভৱিষ্যতে ইয়াতকৈও ভয়ংকৰ অতিমাৰীৰ সম্ভাৱনা আছে । তেওঁ কয়, ‘আমি ক’ভিড-১৯ৰ সন্ধান ওলিয়াব নোৱাৰিলে ভৱিষ্যতে ক’ভিড-২৬ আৰু ক’ভিড-৩২ অতিমাৰীৰ সম্ভৱনা আছে ।’

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে তদন্তকাৰী দলক ক’ভিড-১৯ৰ উৎসৰ সন্ধানকাৰ্য দ্ৰুত কৰিবলৈ নিৰ্দেশ দিয়ে । আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ অনুমান, স্বাভাৱিকভাৱে নহয়, ‘উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি’ৰ পৰা ভাইৰাছৰ সংক্ৰমণ হৈছিল । ৯০ দিনৰ ভিতৰত তদন্ত সম্পন্ন কৰি ৰিপ’ৰ্ট জমা দিয়াৰ নিৰ্দেশ দিছে বাইডেনে ।

Exit mobile version