দোতমাত কৰ’নাই লৈছে ভয়াবহ ৰূপ, এজনৰ মৃত্যু

covid19 split hero

মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যিধৰণৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক সংক্ৰমিত হোৱাৰ লগতে মৃত্যু হৈছে । ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলতো কৰ’নাই ভয়াবহ ৰূপ লৈছে ।

দোতমাত বহু সংখ্যক লোক আক্রান্ত হোৱাৰ লগতে কে’বাজনৰো মৃত্যু হৈছে । দোতমাত আজি মুঠ ৫৫ জন ৰোগীৰ ক’ভিড পৰীক্ষা কৰা হয় তাৰে ১১ জনৰ শৰীৰত ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

কালি দোতমা অঞ্চলৰ এজন ব্যাৱসায়ী ৰাকেশ সাহা(৪৭) ক’ভিডত আক্রান্ত হৈ মৃত্যু হয় । বিগত ১৫ দিনত দোতমা অঞ্চলত মুঠ ১০৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয়, ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

দোতমা বজাৰখনতে বিগত দিনত তিনিজন লোকৰ দেহত ক’ভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগতে কালি এজন লোকৰ মৃত্যু হয় । সেয়ে বজাৰখনক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ দোতমাৰ সমাজ সচেতন নাগৰিকে জিলা প্ৰশাসনক আহ্বান জনায় ।

দোতমা স্বাস্থ্য কেন্দ্রৰ উপ অধীক্ষক ডক্টৰ বলোৰাম বৰ্মনে দোতমা অঞ্চলৰ ৰাইজক ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় । লগতে সামাজিক দূৰত্ব অটুট ৰখা, মাক্স পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কয় আৰু অনাহকত বাহিৰলৈ ওলাই নাহিবলৈ ৰাইজক আহ্বান জনায় ।

Exit mobile version