ক’ভিড পৰৱৰ্তী শাৰীৰিক সমস্যাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

Ramesh Pokhriyal Nishank

ক’ভিড পৰৱৰ্তী সমস্যাৰ বাবে দিল্লীৰ এইমছত চিকিৎসাধীন হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰেয়াল । তেওঁৰ সমস্যাৰ বিষয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই ।

শেহতীয়াকৈ এইমছৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত জনায়, ক’ভিড পৰৱৰ্তী সমস্যাৰ বাবে হাস্পতালত ভৰ্তি হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী ।

যোৱা ২১ এপ্ৰিলত ক’ভিড-১৯ত আক্ৰান্ত হৈছিল পোখৰিয়াল । তেওঁ নিজেই টুইট কৰি এই বিষয়ে জনাইছিল । শিক্ষামন্ত্ৰী পোখৰিয়ালে লিখে, ‘সকলোকে জনাওঁ যে ম‌ই ক’ভিডত আক্ৰান্ত হৈছো । চিকিৎসকৰ পৰামৰ্শমৰ্মে ঔষধ খাইছো আৰু চিকিৎসাও কৰাইছো । মোৰ সংস্পৰ্শত অহাসকলে যাতে ক’ভিড পৰীক্ষা কৰায় ।’

ইয়াৰ পাছত সুস্থ হৈ উঠিছিল শিক্ষামন্ত্ৰীগৰাকী । কামতো যোগ দিছিল । কিন্তু মংগলবাৰে পুনৰ অসুস্থ অনুভৱ কৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Exit mobile version