মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয়বাৰৰ বাবে যিধৰণৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে । ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত কৰ’নাই ভয়াবহ ৰূপ লৈছে ।
ক’ভিড-১৯ৰ ভয়াবহতাক নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশ্যৰে গোসাইগাঁও মহকুমা প্ৰশাসনে মহকুমাখনৰ অন্তৰ্গত সকলোবোৰ পেট্ৰল পাম্প আৰু এলপিজি যোগান কেন্দ্ৰৰ কৰ্মচাৰীসকলক ক’ভিড টিকাকৰণৰ সিদ্ধান্ত লয় ৷ সেইমৰ্মে আজি অসম-বংগ সীমান্তৰ শিমুলটাপুস্থিত শিমুলটাপু ফুৱেল জংশন নামৰ পেট্ৰল পাম্পত কৰ্মচাৰীসকলক টিকাকৰণ কৰা হয় ৷
অতিৰিক্ত আয়ুক্ত প্ৰিয়ংকৰ প্ৰতিম ডেকাৰ তত্বাৱধানত স্বাস্থ্য বিভাগৰ সহযোগত পুৱাৰে পৰা পেট্ৰল পাম্প তথা এলপিজি যোগান কেন্দ্ৰৰ প্ৰায় ডেৰ শতাধিক কৰ্মচাৰীক টিকাকৰণ কৰা হয় ৷ মহকুমা প্ৰশাসনৰ এনে উদ্যোগক পাম্প কৰ্মচাৰীসকলে শলাগ লয় ৷