প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াত চিন্তাৰ কাৰণ নাই

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কৰে নিৰ্ধাৰণ

Covid Vaccine Unicef India

কৰ’না ভাইৰাছৰ পৰা ৰেহাই পোৱাৰ বাবেই দেশত চলিছে টিকাকৰণ । অধিকাংশ লোকেই ইতিমধ্যে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে । অৱশ্যে শেহতীয়াকৈ দেশত প্ৰতিষেধকৰ নাটনিয়েও দেখা দিছে । তেনে সময়তে টিকাকৰণক কেন্দ্ৰ কৰি আন এক প্ৰশ্ন‌ও সাধাৰণ মানুহৰ মুখে মুখে উত্থাপন হৈ আহিছে । প্ৰতিষেধক গ্ৰহণ কৰা সকলোৰে শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়া নঘটে কিয় ?

উল্লেখ্য যে বহু লোকেই প্ৰতিষেধক লোৱাৰ পাছত জ্বৰ, মূৰৰ বিষ, গাৰ বিষ আদি পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে । কোনো কোনো তীব্ৰ জ্বৰ উঠাৰো উদাহৰণ আছে । ইয়াৰ বিপৰীতে আন বহুতো লোকে প্ৰতিষেধক লোৱাৰ পাছতো স্বাভাৱিকভাৱে আছে । তেওঁলোকৰ শৰীৰত দেখা নগ’ল কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া ।

ইয়াৰ ফলতে সৰ্বসাধাৰণৰ মাজত আন এক চৰ্চাও চলিছে । পাৰ্শ্বপ্ৰতিক্ৰিয়া হোৱা নাই মানে প্ৰতিষেধকে কাম দিয়া নাই । প্ৰতিষেধক লোৱা সকলোৰে শৰীৰত কিয় এনে ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হোৱা নাই আৰু সকলো প্ৰতিষেধকে সমানে কাম নকৰে নাকি বুলিও প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে এই বিষয়ত চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে চিকিৎসকে ।

কলকাতাৰ প্ৰখ্যাত চিকিৎসক সুৱৰ্ণ গোস্বামীয়ে এই সন্দৰ্ভত কয়, ‘এইদৰে ভবাৰ কোনো কাৰণ নাই । প্ৰতিষেধক লোৱাৰ পাছত কাৰ শৰীৰত কেনে পাৰ্শ্বপ্ৰতিক্ৰিয়া হ’ব, কাৰোবাৰ আকৌ হ’ব নে নাই; সেয়া নিৰ্ভৰ কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ গাঁথনিটোৰ ভিত্তিত ।’

চিকিৎসকগৰাকীয়ে লগতে জনাইছে যে, কৰ’নাৰ প্ৰতিষেধকত ভাইৰাছটোৰ শৰীৰৰ প্ৰ’টিন কোষেই থাকে । ফলত কৰ’না সংক্ৰমণ হ’লে ৰোগ প্ৰতিৰোধ শক্তিয়ে যি আচৰণ কৰিবলৈ ধৰে ।

তেওঁ লগতে কয়, ‘যদিও এই পৰ্যন্ত নিৰ্দিষ্ট কোনো প্ৰমাণ নাই; তথাপি এনেকুৱাও হ’ব পাৰে যে প্ৰতিষেধক লোৱাৰ পাছত যিসকলৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া বেছি হৈছে, ক’ভিড সংক্ৰমণ হ’লেও তেওঁলোকৰ সমস্যা বেছি হ’লহেঁতেন ।’ অৱশ্যে ক’ভিডৰ পৰা বাচি থাকিবলৈ প্ৰতিষেধকেই একমাত্ৰ পথ বুলিও ডাঃ গোস্বামীয়ে কয় ।

চিকিৎসকগৰাকীয়ে কয় যে, পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ ভয়ত প্ৰতিষেধকৰ পৰা আঁতৰি থকা উচিত নহয় । সেইদৰে পাৰ্শ্বপ্ৰতিক্ৰিয়া নোহোৱা মানেই প্ৰতিষেধকে কোনো কাম কৰা নাই বুলি ভবাও ভুল হ’ব পাৰে ।

Exit mobile version