মেহুলক সহায় কৰিছে ডমিনিকা চৰকাৰে, বুধবাৰে ভাৰতত উভতাৰ অনুমতি বিচাৰিব ইডি-এ

Mehul Choksi in prison India 647x363 1

মেহুল চোক্সিক ভাৰতত উভতাই অনাৰ অনুমতি বিচাৰিব এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)এ । এই বিষয়ত বুধবাৰে ডমিনিকাৰ ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে । শপতনামাও তৈয়াৰ কৰা হৈছে । আজি সেই শপতনামাত কেন্দ্ৰ‌ই অনুমোদন দিয়াৰ পাছতে ডমিনিকাৰ ভাৰতীয় প্ৰতিনিধিয়ে ডমিনিকাৰ ন্যায়ালয়ত জমা দিব ইডি-ৰ আবেদন ।

ইডি-ৰ যুক্তি হ’ব, মেহুল এতিয়াও সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক আৰু ভাৰতৰ অপৰাধীও । সেয়ে তেওঁক ভাৰতত প্ৰেৰণ কৰাৰ আবেদন কৰিবলৈ অনুমতি দিয়ক ডমিনিকা চৰকাৰে ।

পলাতক ব্যৱসায়ী মেহুলক ডমিনিকাত অনাৰ নেপথ্যত ডমিনিকা চৰকাৰৰেই হাত আছে বুলি মংগলবাৰে এটা তথ্য প্ৰকাশ্যত আহিছে । ডমিনিকাৰ বিৰোধিসকলৰ দাবী, বিগত ২৩ মে’ত চৰকাৰৰ গোপন নিৰ্দেশতেই মেহুলক ডমিনিকাৰ বন্দৰৰ পৰা বন্দী কৰা হৈছিল । ইয়াৰ দ্বাৰা মেহুলক ভাৰতত প্ৰত্যাৰ্পনৰ পক্ৰিয়াত হস্তক্ষেপ কৰিছে ডমিনিকা চৰকাৰে । যি কেতিয়াও কাম্য নহয় ।

যোৱা ২৩ মে’ত এখন নাৱত কেৰিবিয়ান দ্বীপৰাষ্ট্ৰ এণ্টিগা-বাৰবুডাৰ পৰা ডমিনিকালৈ আহি আছিল মেহুল । সেই সময়তেই তেওঁক বন্দী কৰা হয় । এণ্টিগাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে কয়, ‘মেহুলে এই দেশৰ নাগৰিকত্বৰ সুযোগ-সুবিধা উপভোগ কৰিছে । কিন্তু ডমিনিকাত মেহুলৰ তেনেধৰণৰ কোনো সুবিধা নাই ।’

ইয়াৰ পাছতেই মেহুলক প্ৰত্যাৰ্পনৰ আবেদন জনায় ভাৰতে । মংগলবাৰে ইডি-ৰ এক সূত্ৰ‌ই জনায়, ‘সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো যাতে একপক্ষীয় নহয় তাৰ বাবেই ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ভাৰতে তেওঁৰ অৱস্থান জনাব ডমিনিকাক । তথ্য দি ইডি-য়ে ক’ব, মেহুল এজন ভাৰতীয় নাগৰিক আৰু ভাৰতৰ অপৰাধীও । সেয়ে তেওঁক ভাৰতলৈ উভতাই অনাৰ অনুমতি দিয়ক ডমিনিকা চৰকাৰে ।’

Exit mobile version