ৰামদেৱৰ মন্তব্যৰ প্ৰতিবাদত মংগলবাৰে দেশজুৰি ‘কলা দিৱস’ পালন

WhatsApp Image 2021 06

বাবা ৰামদেৱৰ এল’পেথি ঔষধক লৈ কৰা মন্তব্যৰ প্ৰতিবাদত আজি ‘কলা দিৱস’ পালন কৰে সৰ্ব্বভাৰতীয় চিকিৎসক সংগঠনবোৰে । দ্য ফেডাৰেচন অৱ ৰেছিডেণ্ট ডক্টৰ্ছ এছোচিয়েছন (ফ’ৰডা)এ এই কলা দিৱস পালন কৰিবৰ বাবে আহ্বান জনায় । তেওঁলোকৰ এই প্ৰতিবাদক সমৰ্থন জনাইছে ইণ্ডিয়ান মেডিকেল এছোচিয়েছন (আইএম‌এ)সহ অন্যান্য সংগঠনবোৰে ।

এল’পেথি ঔষধ‌‌ সন্দৰ্ভত যোগগুৰু ৰামদেৱে কৰা মন্তব্যক ‘অৱমাননাকৰ আৰু বিৰক্তিকৰ মন্তব্য’ বুলি কয় ফ’ৰডা-ই । আজি কলা দিৱস হিচাপে পালন কৰা হৈছে যদিও ৰোগীসকলৰ শুশ্ৰূষাত কোনো ধৰণৰ ব্যাঘাত নঘটে বুলি জনায় তেওঁলোকে । ফ’ৰডা-ৰ দাবী, ৰামদেৱে নিজৰ মন্তব্যৰ বাবে জনসমক্ষত ক্ষমা নিবিচাৰিলে, তেওঁৰ বিৰুদ্ধে মহামাৰী ৰোগ আইন, ১৯৮৭ৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

জম্মুৰ চিকিৎসক সংগনেও ফ’ৰডাৰ প্ৰতিবাদক সমৰ্থন জনাইছে । তেওঁলোকে আজিৰ প্ৰতিবাদত অংশগ্ৰহণো কৰে । ৰামদেৱে আধুনিক এল’পেথি চিকিৎসাক ‘মুৰ্খামী আৰু ব্যৰ্থ বিজ্ঞান’ বুলি কৈছিল । তেওঁৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে প্ৰতিবাদ আৰম্ভ কৰে দেশৰ চিকিৎসকসকলে ।

Exit mobile version