আনলক প্ৰক্ৰিয়াৰ সিদ্ধান্ত সন্দৰ্ভত তিনিটা চৰ্তৰ বিষয়ে জনালে আইচিএম‌আৰ-ৰ প্ৰধানে

Bhargava 696x392 1

দেশৰ সংক্ৰমণ পৰিস্থিতি সাম্যক নিয়ন্ত্ৰণত আহোঁতেই তলাবন্ধৰ কঠোৰ নিয়ম শিথিল কৰিছে বিভিন্ন ৰাজ্য চৰকাৰে । আনলকৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে কিছুমান চৰ্ত পৰ্যৱেক্ষণ কৰি লোৱা প্ৰয়োজনীয় বুলি জনালে আইচিএম‌আৰ-ৰ ডিৰেক্টৰ জেনেৰেল বলৰাম ভাৰ্গবে ।

তেওঁ মংগলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ত কৰ’না সংক্ৰমণ বিষয়ত পৰামৰ্শ দিয়াৰ সময়ত তিনিটা বিষয় উল্লেখ কৰিছে ।

আনলকৰ চৰ্ত হিচাপে তেওঁ প্ৰথমে উল্লেখ কৰিছে সংক্ৰমণৰ হাৰৰ বিষয়টো । তেওঁৰ প্ৰস্তাৱ –
● কোনো অঞ্চল আনলক কৰাৰ পূৰ্বে চাব লাগিব যে, এসপ্তাহধৰি অঞ্চলটোত সংক্ৰমণৰ হাৰ পাঁচ শতাংশতকৈ হ্ৰাস পাইছে নে নাই ।
● পিছপৰা অঞ্চলৰ মানুহৰ অন্ততঃ ৭০ শতাংশক টিকাকৰণ কৰিব লাগিব ।
● ক’ভিড বিধিৰ যথাযথ পালন নিচ্ছিত কৰিব লাগিব ।
এই বিষয়ত ভাৰ্গবে কয়, ‘কৰ’নাৰ দ্বিতীয় ঢৌক ৰোধ কৰিবৰ হ’লে আনলক প্ৰক্ৰিয়াৰ বিষয়ত অধিক সতৰ্ক হ’ব লাগিব । সংক্ৰমণৰ হাৰ পাঁচ শতাংশৰ তলত থকা জিলাসমূহত লাহে লাহে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব । হঠাৎ সকলোবোৰ খোলি দিলে নহ’ব ।’

মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশত সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে তলাবন্ধৰ বিধিনিষেধত শিথিলতা অনা হৈছে । দেশৰ প্ৰায় অধিকসংখ্যক জিলাত সংক্ৰমণৰ হাৰ পাঁচ শতাংশৰ নিম্নগামী হৈছে । তেনে পৰিস্থিতিতে সতৰ্কবাণী দিলে আইচিএম‌আৰ-ৰ প্ৰধানে ।

Exit mobile version