এইসকল ৰােগীয়ে গ্রহণ কৰিব নােৱাৰিব ২-ডিজি দৰৱ : ডিআৰডিঅ’ৰ নির্দেশনা

939411 2dg

কৰ’নাত আক্রান্ত চিকিৎসাত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা ২-ডিজি দৰৱ ৰােগীক প্রদানৰ বাবে ডিআৰডিঅ’ই অনুমতি দিলে।কিন্তু সকলাে লােকে এইবিধ দ্ৰৱ গ্রহণ কৰিব নােৱাৰিব।

ডিআৰডিঅ’ই এই সন্দৰ্ভত এক নির্দেশনা জাৰি কৰি কয় যে চিকিৎসকৰ নিদান আৰু নিৰীক্ষণতহে ক’ভিড ৰােগীক এইবিধ দৰৱ দিব পাৰিব।

এই দৰৱ ডিআৰডিঅ’ই ৰেড্ডিজ লেবৰেটৰীজৰ স’তে যৌথভাৱে তৈয়াৰ কৰিছে।ডিআৰডিঅ’ই প্রকাশ কৰা মতে, ২-ডিজি দৰৱ পাউদাৰৰ ৰূপত উপলব্ধ আৰু ইয়াক পানীত মিশ্রণ কৰি ৰােগীয়ে পান কৰিব লাগিব।

চিকিৎসাধীন হৈ থকা ৰােগীকহে এই দৰৱ দিয়া হ’ব। এই দৰৱ কৰ’না সংক্রমণৰ প্রথম ১০ দিনৰ ভিতৰত বা ইয়াৰ পূর্বে ৰােগীক দিব লাগিব।

অনিয়ন্ত্রিত ডায়েবেটিছ (মধুমেহ), গুৰুতৰ হৃদৰােগ, এআৰডিএছ, বৃক্ক ৰােগীৰ ক্ষেত্ৰত ২-ডিজি দৰৱৰ এতিয়ালৈকে কোনাে পৰীক্ষণ কৰা হােৱা নাই আৰু সেয়েহে এনে ৰােগীক এইবিধ দৰৱ দিব নালাগে।

তদুপৰি গৰ্ভৱতী আৰু স্তনপান কৰােৱা মহিলাকো ২-ডিজি দৰৱ দিব নালাগে। ১৮ বছৰতকৈ কম বয়সৰ যুৱক-যুৱতীকো কৰ’নাৰ চিকিৎসাত ২-ডিজি দৰৱ দিয়া অনুচিত।

কৰ’না আক্রান্ত ৰােগী বা পৰিয়ালক এইবিধ দৰৱৰ প্রয়ােজন হলে তেওঁলােকে নিজৰ চিকিৎসালয়ৰ জৰিয়তে হাইদৰাবাদস্থিত ডাঃ ৰেড্ডিজ লেবৰেটৰীজৰ স’তে যােগাযােগ কৰিব পাৰিব।

Exit mobile version