এসপ্তাহত ৰামদেৱে বজাৰত মুকলি কৰিব ‘ব্লেক ফাংগাছ’ৰ আয়ুর্বেদিক দৰৱ

sien32tg baba

ভাৰতত কৰ’না ভাইৰাছৰ সংক্রমণ হ্রাস পাবলৈ ধৰিছে। যদিও ভেঁকুৰজনিত সংক্রমণ ‘ব্লেক ফাংগাছ’ত আক্রান্ত ৰােগীৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাইছে।

ADVERTISEMENT

এনে পৰিস্থিতিতে যােগগুৰু তথা পতঞ্জলিৰ প্রতিষ্ঠাপক স্বামী বাবা ৰামদেৱে দাবী কৰা মতে,তেওঁৰ প্রতিষ্ঠানে ইতিমধ্যে ‘ব্লেক ফাংগাছ’ৰ চিকিৎসাত ব্যৱহাৰৰ বাবে এবিধ আয়ুর্বেদিক দৰৱ তৈয়াৰ কৰি উলিয়াইছে।

এক অনুষ্ঠানত মঙলবাৰে এই কথা ঘােষণা কৰি যােগগুৰুজনে কয়, ‘এসপ্তাহৰ ভিতৰতে ব্লেক ফাংগাছ, ইয়েল্ল’ফাংগাছ আৰু হােৱাইট ফাংগাছৰ আয়ুর্বেদিক দৰৱ আমি মুকলি কৰিম। এই দৰৱ তৈয়াৰৰ কাম সম্পূর্ণ হৈছে আৰু প্ৰক্ৰিয়াটো চূড়ান্ত পর্যায়ত আছে। আমি এতিয়া ভেঁকুৰ সংক্রমণ প্রতিৰােধৰ দৰৱ তৈয়াৰ কৰিছাে ৷’

উল্লেখ্য যে পূর্বে ৰামদেৱৰ প্ৰতিষ্ঠানটোৱে ‘কৰ’নিল’ নামৰ এবিধ দৰৱ বজাৰত মুকলি কৰিছিল আৰু এই দৰৱে কৰ’না নির্মূল কৰে বুলি যােগগুৰুৱে দাবী কৰিছিল।

Exit mobile version