কাৰাগাৰত নির্যাতনত অতিষ্ঠ হৈ আদালতত ৰুছ বিৰােধী নেতা নাভালনি

202102europe russia navalny court

নিশা হ’লেই কাৰাগাৰত আৰম্ভ হয় অকথ্য নির্যাতন। দীর্ঘদিন ধৰি কাৰাগাৰত চৰম নির্যাতনৰ সন্মুখীন হৈ অহা ৰাছিয়াৰ বিৰােধী নেতা এলেক্সেই নাভালনিয়ে আদালতৰ দ্বাৰস্থ হ’ল।

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমীৰ পুটিনৰ সমালােচক হিচাপে পৰিচিত নাভালনিয়ে অধিবক্তাৰ জৰিয়তে আদালতৰ দ্বাৰস্থ হৈ দেশৰ কাৰাগাৰত বন্দীৰ ওপৰত চলা জঘন্য নির্যাতনৰ কথা পােহৰলৈ আনিলে।

কাৰাবন্দী বিৰােধী নেতাজনে কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমৰে বিচাৰকৰ সন্মুখত নিজৰ বক্তব্য দাঙি ধৰিলে। নাভালনিয়ে কয়, ‘প্রতি নিশা তেওঁলােকে মােৰ কোঠাত প্ৰৱেশ কৰি তালাচী চলায় আৰু মােক শুবলৈ নিদিয়ে। ঘণ্টাৰ পাছত ঘণ্টা তালাচীৰ নামত মােক নির্যাতন কৰে। নিশা হ’লেই মই আতংকিত হৈ পৰাে । কিয় এনে হৈছে ? মই দেৱাল ভাঙি পলাবলৈ অপচেষ্টা চলাইছাে নেকি ? কাৰাগাৰৰ পৰা পলায়নৰ বাবে সুৰংগ খান্দিছাে নেকি ? নে মই বন্দুক কাঢ়ি ল’বলৈ অপচেষ্টা চলাইছাে ? তেন্তে কিয় মােৰ স’তে এনে ব্যৱহাৰ কৰা হৈছে ? এনে ঘটনা অব্যাহত থাকিলে মানুহ কে’বা সপ্তাহৰ ভিতৰতে বলিয়া হ’ব ।’

উল্লেখ্য যে যােৱা ১৭ জানুৱাৰীত সুস্থ হৈ বার্লিনৰ পৰা মস্কোলৈ উভতি অহাৰ সময়তে নাভালনিক ৰুছ আৰক্ষীয়ে গ্রেপ্তাৰ
কৰি জিম্মাত লৈছিল আৰু তেতিয়াৰ পৰা বিৰােধী নেতাজন কাৰাগাৰত বন্দী হৈ আছে।

Exit mobile version