খালি শ্ৰেণীকোঠাত জাষ্টিন বিবাৰৰ গীত গাইছে সুহানা খানে, ভাইৰেল ভিডিঅ’

Suhana Khan IG 1200

সম্প্ৰতি শ্বাহৰুখ কন্যাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে । ভাইৰেল ভিডিঅ’টোত সুহানা খানক পপ তাৰকা জাষ্টিন বিবাৰৰ গানত সুৰ জোৰা দেখা গৈছে । ২১ বছৰীয়া সুহানাৰ স’তে তেওঁৰ বান্ধৱীকো যোগ দিয়া দেখা গৈছে ।

খালি শ্ৰেণীকোঠাত দুই বান্ধৱীক একেলগে গীত গোৱা পৰিলক্ষিত হৈছে । ক’লা জেকেটৰ স’তে হালধীয়া ৰঙৰ টপ পিন্ধিছে সুহানাই । জাষ্টিনৰ পিচেছ গীতটিত সুৰ জোৰিছে সুহানাই ।

তাৰকা কন্যাৰ এই ভিডিঅ’ তেওঁৰ ‘ফেন’ পেজৰ পৰা ভাইৰেল হৈছে । ভিডিঅ’ দেখি মুগ্ধ হৈছে সুহানাৰ অনুৰাগীসকল ।

সম্প্ৰতি নিউয়ৰ্কত ফিল্ম মেকিং বিষয়ত শিক্ষা গ্ৰহণ কৰি আছে সুহানাই । পিতৃৰ পদচিহ্ন অনুসৰণ কৰি বলীউডতে কেৰিয়াৰ গঢ়াৰ ইচ্ছা তেওঁৰ । অৱশ্যে শ্বাহৰুখে স্পষ্টভাৱে জনায় দিছে যে, শিক্ষা সম্পন্ন কৰি হে তেওঁ নিজৰ ইচ্ছামতে কেৰিয়াৰ বাছনি কৰিব পাৰিব ।

নিউয়ৰ্কত শিক্ষা গ্ৰহণ কৰাৰ লগতে বন্ধু-বান্ধৱীসকলৰ স’তে আড্ডা, পাৰ্টী সকলো স্ফূৰ্তি কৰে সুহানাই । ফটো সামাজিক মাধ্যমত পোষ্ট কৰিলেই নিমিষতে ভাইৰেল হৈ পৰে ।

Exit mobile version