চিকিৎসকৰ ওপৰত বৰ্বৰচিত নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতি শান্তি ৰাম বৰ্মনৰ

unnamed

হোজাই জিলাৰ উদালিৰ ফুলতলীত থকা ক’ভিড কেয়াৰ চেন্টাৰত এজন লোকৰ ক’ৰনাত মৃত্যু হয় । তাৰ পাছতে চিকিৎসক সেউজ কুমাৰ সেনাপতিক বৰ্বৰভাৱে আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছে বিজেপিৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতি শান্তি ৰাম বৰ্মনে । দোষীক অতিশীঘ্ৰে‌ কৰায়ত্ত কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে সভাপতিজনে ।

বৰ্মনে এক প্ৰেছ বিবৃতি যোগে কয় যে, চিকিৎসকসকল সাক্ষাৎ ভগৱানৰ ৰূপ । তেওঁলোক জাতি, বৰ্ণ বিদ্বেষৰ উৰ্দ্ধত । তেওঁলোকৰ একমাত্ৰ পৰিচয় চিকিৎসক । জীৱন দান দিয়া তেওঁলোকৰ ধৰ্ম। বৰ্তমান ক’ভিড-১৯ৰ অতি ভয়াবহ পৰিস্থিতিত চিকিৎসকসকলে নিজৰ জীৱনকো আওকাণ কৰি যি ধৰণে অহোৰাত্ৰি ব্যস্ত থাকি অক্লান্ত পৰিশ্ৰমেৰে ক’ভিড ৰোগীসকলৰ জীৱন দান দি আছে, বাস্তৱিকতে এয়া তেওঁলোকৰ বাবে এক মহান তথা পৱিত্ৰ মানৱ সেৱা।

তেওঁ লগতে কয় যে, এনেহেন ভগৱান তথা আল্লা স্বৰূপ চিকিৎসক তথা নাৰ্ছ এজনীক হোজাই জিলাৰ লংকাৰ উদালিত এখন চিকিৎসালয়ত যিকেইজন নৰ পিশাচে হিংশ্ৰ জন্তুৰ দৰে অত্যন্ত ক্ৰুঢ়তা তথা জিঘাংসা মূলকভাৱে অমানুষিক শাৰীৰিক নিৰ্যাতন চলাইছিল, সেয়া মানৱতাৰ কলংক স্বৰূপ । সেয়ে ইতিমধ্যে কৰায়ত্ত হোৱা উক্ত নৰপিশাচ কেইটাই নিদৰ্শন মূলক চৰম শাস্তি প্ৰদান কৰিবলৈ বিজেপিৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতিজনে প্ৰশাসনক দাবী জনায় ।

Exit mobile version