ছেনিটাইজাৰৰ অত্যধিক ব্যৱহাৰৰ পৰিণতিত চিকিৎসাধীন হৈছে অগণন লােক

bigstock Female Hands Using Wash Hand S 94335497

কৰ’নাৰ সংক্ৰমণৰ শংকাত বর্তমানে বহু লােকে সঘনাই ছেনিটাইজাৰ ব্যৱহাৰ কৰিছে । কিন্তু এইদৰে অত্যধিক ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত বহু লােক ছালৰ বিভিন্ন সমস্যাত আক্রান্ত হৈছে ।

হিমাচল প্রদেশৰ চলন জিলাৰ চিকিৎসালয়ত সম্প্রতি এক ডজনৰাে অধিক লােকে ছেনিটাইজাৰ ব্যৱহাৰৰ পৰিণতিত চিকিৎসাধীন হৈ আছে । এইসকল লােকে ছেনিটাইজাৰ সঘনাই ব্যৱহাৰ কৰাৰ ফলত কন্টেক্ট ডম’টাইটছ ৰােগত আক্ৰান্ত হৈছে ।

স্থানীয় চিকিৎসালয়ত প্রতিদিনে ১৫-২০ জন লােককে বিভিন্ন চর্ম সমস্যাত আক্ৰান্ত হৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ ভিৰ কৰিছে । এইসকল লােকে চিকিৎসকৰ আগত প্রকাশ কৰা মতে, কৰ’না সংক্রমণ প্রতিৰােধৰ বাবে তেওঁলােকে সঘনে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিছিল।

এইদৰে ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত এই ব্যক্তিসকলৰ ছালৰ বিভিন্ন ধৰণৰ ক্ষতি হােৱাৰ লগতে এলার্জিজনিত সমস্যাই দেখা দিছে।

চলনৰ চিকিৎসালয়ৰ চর্ম বিশেষজ্ঞ ডাঃ অংকুৰে কয় যে ছেনিটাইজাৰ যথাসম্ভৱ কম পৰিমাণে ব্যৱহাৰ কৰা উচিত। চিকিৎসকজনে ক’ভিড প্ৰতিৰােধৰ বাবে ছেনিটাইজাৰৰ পৰিৱর্তে চাবােন ব্যৱহাৰ কৰিবলৈ পৰামর্শ দিয়ে।

ছেনিটাইজাৰত এলকহলৰ লগতে বিভিন্ন ৰাসায়নিক নিহিত থাকে আৰু এইসমূহ দ্রব্য মানৱ চৰ্মৰ বাবে যথেষ্ট ক্ষতিকাৰক বুলি চিকিৎসকজনে জানিবলৈ দিয়ে।

Exit mobile version