পাকিস্তান সেনা-চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নােৱাৰিব সংবাদ মাধ্যমে : নতুন আইনক লৈ ব্যাপক প্রতিক্রিয়া

imran khan un

পাকিস্তানৰ ইমৰান খানৰ চৰকাৰে সংবাদ মাধ্যমৰ বাবে নতুন নিয়ম প্রৱর্তনৰ এক খচৰা যুগুত কৰিছে। বিৰােধী দল পাকিস্তান পিপলছ পার্টি আৰু পাকিস্তান মুছলিম লীগ (নৱাজ)-এ প্রস্তাৱিত আইনখনক সংবাদ মাধ্যম বিৰােধী আৰু গণতন্ত্র বিৰােধী আখ্যা দি ইয়াৰ বলৱৎকৰণৰ তীব্ৰ বিৰােধিতা কৰিছে।

ইমৰানৰ চৰকাৰে পাকিস্তান মিডিয়া ডেভেলপমেন্ট অথ’ৰিটি অধ্যাদেশ ২০২১ দেশখনত প্ৰৱৰ্তন কৰিব বিচাৰিছে। পাকিস্তানৰ মুছলিম লীগ (নৱাজ)ৰ মুখপাত্র মৰিয়ম শ্বৰীফে এই প্রস্তাৱিত আইনৰ তীব্ৰ বিৰােধিতা কৰি কয় যে চৰকাৰে এনে আইনৰ জৰিয়তে পাকিস্তানৰ সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ অপচেষ্টা চলাইছে।

এনে আইন প্রৱর্তনৰে ইমৰানৰ চৰকাৰে সংবাদ প্রতিষ্ঠানসমূহক নিজৰ মুখপাত্ৰত পৰিণত কৰিবলৈ ষড়যন্ত্র চা বুলিও মৰিয়মে অভিযােগ কৰে। নতুন আইন প্ৰৱর্তনৰে ইমৰান চৰকাৰে পাকিস্তান সেনা আৰু চৰকাৰক সমালােচনা কৰাৰ অধিকাৰ সংবাদ মাধ্যমৰ পৰা কৰ্তন কৰিবলৈ যাে-জা চলােৱা বুলিও বিৰােধীয়ে অভিযােগ কৰিছে।

ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ডিজিটেল মাধ্যমক নিয়ন্ত্ৰণৰ উদ্দেশ্যৰে ইমৰান চৰকাৰে এক কর্তৃপক্ষ গঠন কৰিব বিচাৰিছে আৰু এই কর্তৃপক্ষই দেশখনৰ সকলাে সংবাদ মাধ্যমৰ বাবে নিয়মাৱলী নিৰ্ধাৰণ কৰিব।

বিৰােধী দলসমূহে এইদৰে সংবাদ মাধ্যমক চৰকাৰে নিয়ন্ত্রণ কৰাৰ তীব্ৰ বিৰােধিতা কৰিছে।

Exit mobile version