শালবাৰীত মৃৎশিল্পীৰ দুৰাৱস্থা, বজাৰৰ অভাৱত বিক্ৰী কৰিব পৰা নাই কোনো সামগ্ৰী

চৰকাৰলৈ সহায় বিচাৰি কাতৰ আহ্বান মৃৎশিল্পীৰ

WhatsApp Image 2021 06 02 at 8.22.30 AM

সাম্প্ৰতিক ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পিৰ ফলত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হৈ পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত উৱাদিহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় বন্ধ কৰি চৰকাৰৰ মুখলৈ চাই থকাৰ বাদে বিচাৰি নোপোৱা হৈছে অন্য ৰাস্তা ৷

কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাৰ লগতে কোঙা কৰিছে মৃৎশিল্পীসকলকো ৷ বাগ্‌সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃৎশিল্পীসকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সা-সঁজুলি বিক্ৰী কৰিব নোবাৰি এতিয়া আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷ এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে মৃৎ শিল্পীসকলৰ জীৱনলৈ ৷

বজাৰ সমাৰ সকলো বন্ধ হোৱাৰ ফলত মৃৎ শিল্পীসকলে তেওঁলোকে নিৰ্মাণ কৰা কলহ, ঘট, চাকি, বেৰিয়া, ফুলদানি, ধূপদানিকে ধৰি বিভিন্ন সামগ্ৰী, বাচন-বৰ্তন কোনো বজাৰতে বিক্ৰী কৰিব পৰা নাই ৷ যাৰ বাবে তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

শালবাৰীৰ ৰাজাবিল গাঁওবাসীয়ে বছৰ বছৰ ধৰি মাটিৰ বিভিন্ন বাচন-বৰ্তন নিজ ঘৰতে নিৰ্মাণ কৰি শালবাৰী বজাৰ, বাঁহবাৰী বজাৰ, আনন্দ বজাৰ, শিমলা বজাৰ আদিত বিক্ৰী কৰি আহিছিল ৷ কিন্তু ৰাজ্যত চলি থকা আংশিক তলাবন্ধৰ বাবে বজাৰ ঘাট নথকাৰ ফলত এইসকল মৃৎশিল্পীয়ে পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে ৷

ৰাজাবিল গাঁৱৰ এইসকল মৃৎ শিল্পীৰ অন্য খেতি বুলিবলৈও একো নাই । একমাত্ৰ মৃৎ শিল্পৰ ওপৰতে চলি আছে গাঁওবাসী ৷ শেষত উপায়ন্তৰ হৈ নৱগঠিত চৰকাৰলৈ কিছু হ’লেও সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে এইসকল মৃৎশিল্পীয়ে ৷

Exit mobile version