১০ কোটি গাে-পালকৰ দায়িত্ব ল’ব নে : ‘পেটা’ক প্ৰত্যাহ্বান আমূলৰ

amul2

পিপল ফৰ এথিকেল ট্রিটমেন্ট অৱ এনিমেলছ (পেটা)ৰ স’তে প্রত্যক্ষ সংঘাতত লিপ্ত হ’ল দেশৰ আগশাৰীৰ দুগ্ধজাত দ্রব্য উৎপাদনকাৰী সংস্থা আমূল ।

প্রতিষ্ঠানটোৰ সঞ্চালক আৰ এছ ছধিক এখন পত্ৰৰ জৰিয়তে পেটাই প্রাণীজ দ্ৰব্যৰ পৰিবৰ্তে ভেষজ পদ্ধতিৰে দুগ্ধজাত দ্রব্য উৎপাদনৰ আহ্বান জনাইছিল।

বজাৰত ভেষজ খাদ্যদ্রব্যৰ চাহিদা আৰু জনপ্রিয়তা বৃদ্ধিৰ কথা উল্লেখ কৰি পেটাই আমূলক ভেষজ পদ্ধতিৰে দুগ্ধজাত দ্রব্য উৎপাদনৰ পৰামর্শ দিছিল।

এই পত্ৰৰে উত্তৰ দি আমূলৰ সঞ্চালক ছ’ধিয়ে টুইটাৰৰ জৰিয়তে পেটাক প্রত্যক্ষ আক্রমণ কৰি কয়, “দুগ্ধজাত দ্রব্য উৎপাদনৰ স’তে জড়িত ১০ কোটি গাে-পালক আৰু ব্যৱসায়ীৰ দায়িত্ব আপােনালােকে ল’ব নে ?

তেওঁলােকৰ সংসাৰ কিদৰে চলিব ? তেওঁলােকৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ কোনে দিব ? চহৰৰ দামী গৱেষণাগাৰত তৈয়াৰ হােৱা ভেষজ খাদ্য দ্রব্য ক্রয়ৰ সামৰ্থ কিমানজনৰ আছে ?

পেটাই বিচাৰে সুদীর্ঘ ৭৫ বছৰ ধৰি ১০ কোটি গৰীৰ গাে-পালক আৰু ব্যবসায়ী জীবন যাপনৰ অন্তিম সম্বল আমি কাঢ়ি আনি উচ্চপদস্থ বহুজাতিক প্রতিষ্ঠানৰ হাতত অৰ্পণ কৰাটো ।

এইসকল গাে-পালকৰ বহুতৰে ভূমি নাই। বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানে যি মূল্যত বজাৰত দু’য়া আৰু ছয়জাতীয় খাদ্য বিক্ৰী কৰে সেয়া ক্ৰয় কৰাৰ ক্ষমতা অধিকাংশ নিম্নবিত্তৰ আছে নে ?

উল্লেখ্য যে পেটাই দীর্ঘ বছৰ ধৰি প্ৰাণীৰ অধিকাৰ আৰু সংৰক্ষণৰ কাম-কাজত নিয়ােজিত হৈ আহিছে ।

Exit mobile version