ইজৰাইলে বুধবাৰে বহুল সমৰ্থনত লেবৰ পাৰ্টিৰ প্ৰবীণ নেতা আইজাক হাৰ্জ’গক একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে । বেঞ্জামিন নেতানিয়াহুক বেদখল কৰিবৰ বাবে বিপক্ষীয় সাংসদসকল একজোঁট হয় ফলত সাংসদীয় ভোট কমি যায় ।
ADVERTISEMENT
২০১৪ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ৰিউভেন ৰিভিলিনৰ স্থান দখল কৰিবৰ বাবে হাৰ্জ’গে (৬০) এসময়ৰ প্ৰধান শিক্ষয়িত্ৰী মিৰিয়াম পেৰেটজক পৰাজিত কৰিছিল ।
বুধবাৰে সকলো ৰাজনৈতিক নেতাসকলে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ১২ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ উদ্দেশ্যেৰে ১১ ঘণ্টিয়া বেঠকত মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়টো উত্থাপিত হয় ।